April 15, 2025 7:42 PM

views 13

নলবাৰীৰ বৰনদ্দীত ১০৩ বছৰীয়া মহাবিষ্ণু যজ্ঞত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্রহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰীৰ বৰনদ্দীত ১০৩ বছৰীয়া মহাবিষ্ণু যজ্ঞত অংশগ্রহণ কৰে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণ প্ৰসংগত যজ্ঞ পৰিচালনা সমিতিক এটা বিবাহ ভৱন নিৰ্মাণ কৰাৰ বাবে এক কোটি টকা প্ৰদানৰ আশ্বাস দিয়ে। ড০ শর্মাই আজি জিলাখনত বিজেপিৰ বাঁহজানী মণ্ডলৰ নৱনিৰ্মিত কাৰ্যালয় গৃহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই কাৰ্যালয় গৃহ উদ্বোধন কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী শৰ্মাই অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ ব’হাগে ৰাজ্যখনলৈ শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই অ...