October 22, 2025 7:12 PM

views 41

মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত নগাঁৱত আত্মসহায়ক গোটৰ মহিলালৈ চেক বিতৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ২৫ হাজাৰৰো অধিক মহিলাক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। ইয়াৰ ভিতৰত গ্ৰামাঞ্চলৰ ১৯ হাজাৰ ৬২৮ গৰাকী আৰু নগৰাঞ্চলৰ ৬ হাজাৰ ৯৫৭ গৰাকী মহিলা আছে। এই উপলক্ষে নগাঁও চহৰৰ নেহৰুবালিত এখন জনসভাত ভাষণ দি মুখ্যমন্ত্রীয়ে কয়, যে প্রথম পর্যায়ত প্ৰদান কৰা এই মূলধনে ৰাজ্যখনত মহিলা নেতৃত্বাধীন বিকাশৰ পথ প্রশস্ত কৰিব। এই অভিযানৰ জৰিয়তে কৃষি, পশুপালন, হস্ততাঁত আৰু হস্তশিল্পকে প্ৰমুখ্য কৰি বিভিন্ন ক্ষেত্ৰত...

March 16, 2025 12:36 PM

views 17

চলিত বছৰৰ অক্টোবৰত বটদ্ৰৱা প্ৰকল্পৰ কাম সম্পূর্ণ হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

চলিত বছৰৰ অক্টোবৰত বটদ্ৰৱা প্ৰকল্পৰ কাম সম্পূর্ণ হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি প্রকল্পস্থলী পৰিদৰ্শন কৰি ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে কয়, যে প্ৰকল্পৰ কাম-কাজ দ্রুত গতিত চলি আছে আৰু ছমাহৰ ভিতৰত এই কাম সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। দৌল উৎসৱ উপলক্ষে কালি বটদ্ৰৱাত গোসাঁইৰ ওচৰত সেৱা লোৱাৰ পাছত ভকত-বৈষ্ণৱৰ সৈতে মত-বিনিময় কৰি এই কথা প্ৰকাশ কৰে। তেওঁ লগতে আকাশীগংগাৰ মথাউৰি নিৰ্মাণৰ কামো শীঘ্ৰে সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰে। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা সম্প্ৰতি সুৰক্ষিত বুলি উল্লে...