December 25, 2025 11:51 AM December 25, 2025 11:51 AM
8
গ্ৰন্থ অধ্যয়নক জনপ্ৰিয় কৰাৰ বাবে ২০২৫ বর্ষটো গ্রন্থ বর্ষ হিচাপে পালন কৰি কেইবাটাও কার্যসূচী হাতত লোৱাৰ কথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ প্ৰকাশ
অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত কালিৰে পৰা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্রন্থমেলা অনুষ্ঠিত হৈছে। ৬ জানুৱাৰীলৈকে হ'বলগীয়া গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত ৰাজ্য চৰকাৰে ২০২৫ বর্ষটো গ্রন্থ বর্ষ হিচাপে পালন কৰি গ্ৰন্থ অধ্যয়নক জনপ্ৰিয় কৰাৰ বাবে কেইবাটাও কার্যসূচী হাতত লোৱাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে যুৱ লেখক সন্মান ২০২৫ লাভকৰা ...