January 4, 2026 8:54 PM January 4, 2026 8:54 PM

views 9

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডিমৰীয়া বিধানসভা সমষ্টিৰ ২৪৭৬৬ গৰাকী মহিলাক উদ্যমিতা পুঁজিৰ চেক বিতৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী পানীখাইটিত আয়োজিত এটা অনুষ্ঠানত ডিমৰীয়া বিধানসভা সমষ্টিৰ ২৪৭৬৬ গৰাকী মহিলাক উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। এই উপলক্ষে আয়োজিত জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন চৰকাৰী আঁচনিৰ লাভালাভ সন্দৰ্ভত অৱগত কৰে। ড° শৰ্মাই ডিমৰীয়া সমষ্টিৰ উদ্যমী মহিলাসকলে এই ধনৰ সদ্ব্যৱহাৰৰ জৰিয়তে স্বাৱলম্বী হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব বুলি আশা প্রকাশ কৰে। মহিলাসকল আর্থিকভাৱে সৱল হলে গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ পথ প্রশস্ত হব বুল...