July 24, 2025 6:32 PM

views 31

ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদত ৩২৪ গৰাকী ছাত্ৰী থাকিব পৰাকৈ অত্যাধুনিক ছাত্রী নিবাসৰ আধাৰশিলা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদত ৩২৪ গৰাকী ছাত্ৰী থাকিব পৰা এটা অত্যাধুনিক ছাত্রী নিবাসৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় চৌহদত অধ্যাপকৰ আবাস প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। আজিৰ ব্যস্ত কাৰ্যসূচীৰ অংশ হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত প্ৰায় ৬০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰে। ড° শৰ্মাই প্রথমেই ১৪৬ কোটি ৪৩ লাখ টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীৰ বিশেষ অনুদান আৰু পি এম ঊষা আঁচন...

July 23, 2025 8:56 PM

views 37

শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে বিশ্ববেংকৰ পৰা ২,৭৫০ কোটি টকা ঋণ ল’বলৈ ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি ডিব্ৰুগড়ত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি অসম আৰক্ষীৰ নতুন থানা, বেৰেক, চাইবাৰ থানা নিৰ্মাণৰ বাবে গঠন কৰা মিছন মৈত্ৰী নামৰ ছ'চাইটীক ১৫০ কোটি টকা দিবলৈ অনুমোদন জনোৱা হয়। অহা ১২ আগষ্টত ১০ খন সমজিলাৰ কাম আৰম্ভ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী অধীক্ষকৰ ১০টা পদ সৃষ্টিতো মন্ত্রীসভাই অনুমোদন জনায়। শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে বিশ্ববেংকৰ পৰা দুহেজাৰ ৭৫০ কোটি টক...

March 23, 2025 6:29 PM

views 36

ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে প্রতিষ্ঠা কৰিবলৈ লোৱা প্ৰচেষ্টাৰ কেইবাটাও ব্যৱস্থা আৰম্ভ হৈছেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই চাৰিদিনীয়া ডিব্ৰুগড় ভ্ৰমণৰ অন্তিম দিনা আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ সভাগৃহত লোকনির্মাণ, গৃহবিভাগ আৰু চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে গ্ৰহণ কৰা ৩০০ কোটি টকা ব্যয় সাপেক্ষ নতুন আৱাসিক কলনি নিৰ্মাণৰ অভিলাষী প্রকল্প সন্দৰ্ভত আলোচনা কৰা হয়। চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ পুৰণি আৱাসসমূহৰ পৰিৱৰ্তে অধ্যক্ষ-উপাধ্যক্ষ, জ্যেষ্ঠ, কনিষ্ঠ চিকিৎসকৰ আৱাসৰ লগতে ছাত...