December 22, 2024 11:06 AM

views 14

বাল্য বিবাহৰ বিৰুদ্ধে  ৰাজ্য চৰকাৰৰ তৃতীয় পৰ্যায়ৰ অভিযান আৰম্ভ

ৰাজ্য চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে তৃতীয় পৰ্যায়ৰ অভিযান আৰম্ভ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত যোৱা নিশা এই অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে । এই সন্দৰ্ভত ৩৩৫টা গোচৰ ৰুজু হোৱাৰ লগতে ৪১৬ জনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। গ্ৰেপ্তাৰ কৰা লোকসকলক আজি আদালতত হাজিৰ কৰোৱা হ'ব। বাল্য বিবাহৰ দৰে সামাজিক ব্যাধিক দূৰ কৰাৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।