October 21, 2025 11:51 AM

views 65

ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱৰ বাবে মনোনয়ন আহ্বান

অসম চৰকাৰে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱৰ বাবে মনোনয়ন আহ্বান কৰিছে। বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে এই সন্মান আগবঢ়োৱা হয়। এগৰাকী ব্যক্তিয়ে নিজকে বা আন এগৰাকী ব্যক্তিক এই সন্মানৰ বাবে মনোনীত কৰিব পাৰে। assamcivilianawards.assam.gov.in প'ৰ্টেলৰ জৰিয়তে লাভ কৰা মনোনয়ন সমূহকহে বৈধ বুলি বিবেচনা কৰা হ'ব। মনোনয়ন দাখিলৰ অন্তিম দিন ২০ নৱেম্বৰ ধাৰ্য কৰা হৈছে। এই সন্মান লাভ কৰা সকলে নগদ ধনৰ পুৰস্কাৰ, চৰকাৰী আৰু তালিকাভুক্ত ব্যক্তিগত চিকিৎসালয়ত পাঁচ ...