October 6, 2024 11:55 AM

views 23

ৰাজ্যিক অসামৰিক বঁটা ২০২৪ৰ বাবে ৰাজ্য চৰকাৰৰ মনোনয়ন আহ্বান

ৰাজ্য চৰকাৰে বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱাৰ স্বীকৃতি স্বৰূপে আগবঢ়োৱা সৰ্বোচ্চ ৰাজ্যিক অসামৰিক বঁটা ২০২৪ৰ বাবে মনোনয়ন আহ্বান কৰিছে। এই বঁটাৰ বাবে কোনো ব্যক্তিয়ে নিজৰ নাম অথবা সমাজলৈ পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত অনবদ্য অৰিহনা আগবঢ়োৱা আন বিশিষ্ট ব্যক্তিৰ নাম জিলা আয়ুক্ত নাইবা assamcivilianawards.assam.gov.in-ত মনোনয়ন কৰিব পাৰে। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ অহা ৩১ অক্টোবৰ। অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা লাভ কৰা ব্যক্তিসকলে বিভিন্ন চৰকাৰী সা-সুবিধা লাভ কৰিব।