October 19, 2025 6:57 PM

views 32

বাল্য বিবাহ হ্ৰাস কৰাত দেশৰ ভিতৰতে অসমৰ শীৰ্ষস্থান লাভ

অসমে বাল্য বিবাহ হ্ৰাস কৰাত দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছে। ৰাজ্যৰ কন্যা শিশুসকলৰ মাজত ৮৪ শতাংশ আৰু ল'ৰা শিশুসকলৰ মাজত ৯১ শতাংশ বাল্যবিবাহ হ্রাস পাইছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰই এই বিষয়ে প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে মহাৰাষ্ট্ৰ আৰু বিহাৰত ৭০ শতাংশকৈ, ৰাজস্থানত ৬৬ শতাংশ আৰু কৰ্ণাটকত ৫৫ শতাংশ বাল্যবিবাহ হ্ৰাস পোৱা বুলি সমীক্ষাত প্ৰকাশ পাইছে।