July 19, 2024 11:52 AM July 19, 2024 11:52 AM

views 12

ৰাজ্যত বাল্য বিবাহ ৰোধৰ বাবে অসম মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বিধি বাতিলৰ সিদ্ধান্ত

অসমত বাল্য বিবাহ ৰোধৰ বাবে ৰাজ্যিক কেবিনেটে অসম মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বিধি বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিধানসভাৰ পৰৱৰ্তী বৰ্ষাকালীন অধিৱেশনত দা আছাম ৰিপিলিং বিল ২০২৪ উত্থাপন কৰা হ'ব। ৰাজ্যত মুছলমান বিবাহ পঞ্জীয়নৰ বাবে উপযুক্ত আইন অনাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে।