December 27, 2024 6:37 PM

views 18

ছাব্‌ জুনিয়ৰ ৰাষ্ট্ৰীয় ছেপাকটাক্ৰ’ চেম্পিয়নশ্বিপত অসমৰ ছোৱালী দলৰ সোণৰ পদক অৰ্জন

কেৰালাত অনুষ্ঠিত ২৭ সংখ্যক ছাব্‌ জুনিয়ৰ ৰাষ্ট্ৰীয় ছেপাকটাক্ৰ' চেম্পিয়নশ্বিপত অসমৰ ছোৱালী দলে সোণৰ পদক অৰ্জন কৰিছে। কালি অনুষ্ঠিত কোৱাড ইভেণ্টৰ ফাইনেলত অসমে মণিপুৰক ২-১ ছেটত পৰাস্ত কৰে। ছেমি ফাইনেলত অসমে মণিপুৰক পৰাস্ত কৰিছিল। আনহাতে, ছোৱালী দলটোৱে দলগত শাখাত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাখনৰ কোৱাড ইভেণ্টত অসমৰ ল'ৰাৰ দলটোৱে ৰূপৰ পদক অৰ্জন কৰে। ফাইনেলত অসম বিহাৰৰ হাতত পৰাজিত হয়।