April 23, 2024 5:54 PM

views 18

অসমত ২৬ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

ৰাজ্যত ২৬ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত দৰং-ওদালগুৰি, ডিফু কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত ভোটদাতাসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান কাইলৈ অন্ত পৰিব। ইয়াৰ সমান্তৰালকৈ ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও প্ৰচাৰ অভিযান অব্যাহত আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও লোকসভা সমষ্টিৰ অধীনৰ ৰূপহীত বিজয় সংকল্প সভাক সম্বোধন কৰি কয় যে অসমৰ ১৮ লাখ পৰিয়ালে প্রধানমন্ত্রী আবাস য...

April 9, 2024 12:22 PM

views 22

ৰাজ্যত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ৬১গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

ৰাজ্যত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত মুঠ ৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। দ্বিতীয় পৰ্যায়ত ৫টা সমষ্টি ক্রমে ডিফু, দৰং-ওদালগুৰি, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত নিৰ্বাচন অনুষ্ঠিত হ'ব। এইকেইটা সমষ্টিৰ বাবে কালি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আছিল। অন্তিম দিনটোত ডিফু সমষ্টিৰ এজন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। সেই অনুসৰি দৰং-ওদালগুৰিত ১১ গৰাকী, ডিফুত ৫ গৰাকী, শিলচৰত ৮ গৰাকী, নগাঁৱত ১৩ গৰাকী আৰু কৰিমগঞ্জত সৰ্বাধিক ২৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। বিজেপিৰ হৈ ৰাজ্য...

April 9, 2024 1:04 PM

views 26

ৰাজ্যত শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰৰ তৎপৰতা বৃদ্ধি, আজি অমিত শ্বাহৰ কেইবাখনো নিৰ্বাচনী সভা

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত শাসক-বিৰোধীৰ প্ৰচাৰৰ তৎপৰতা বৃদ্ধি হৈছে। বিভিন্ন দলৰ তাৰকা প্ৰচাৰকসকলে অসমলৈ আহি নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ আৰম্ভ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি লখিমপুৰত এখন জনসভাত অংশগ্রহণ কৰিব। ইয়াৰ পাছতে তেওঁ তিনিচুকীয়াত এটা ৰোড শ্ব’ত অংশ ল’ব। কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি দিনৰ চাৰে এঘাৰ বজাত লীলাবাৰী বিমান বন্দৰত অৱতৰণ কৰি দুপৰীয়া লখিমপুৰ নগৰৰ সমীপৰ চুকুলীভৰীয়াত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰ...

April 8, 2024 5:50 PM

views 22

কাইলৈ ডিব্ৰুগড় আৰু শোণিতপুৰৰ জনসমাবেশত গৃহমন্ত্রী অমিত শ্বাহৰ অংশগ্ৰহণ

লোকসভাৰ পাঁচখন আসনৰ বাবে অসমত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ ডিব্ৰুগড় আৰু শোণিতপুৰত জনসমাবেশত অংশ ল'ব। মন্ত্রী শ্বাহৰ লগতে সমাবেশসমূহত মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মা আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকিব। আম আদমী পাৰ্টিৰ নেত্ৰী আতিশীয়ে ডিব্ৰুগড়ৰ দুলীয়াজানত আয়োজিত ৰোড শ্বত অংশগ্ৰহণ কৰিছে। কাইলৈ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰা, ৰাষ্ট্ৰীয...