April 13, 2025 11:34 AM

views 29

ৰাজ্যত নতুনকৈ ১০ খন সমজিলা গঠনৰ বাবে মন্ত্রীসভাৰ সিদ্ধান্ত

ৰাজ্যত নতুনকৈ ১০ খন সমজিলা গঠনৰ বাবে কালি মন্ত্রীসভাই সিদ্ধান্ত গ্রহণ কৰে। কামৰূপ জিলাৰ বকো আৰু পলাশবাৰী, শোণিতপুৰৰ বৰছলা আৰু ৰঙাপাৰা, তিনিচুকীয়াৰ মাকুম আৰু ডিগবৈ, যোৰহাটৰ টিয়ক আৰু মৰিয়নি, কাছাৰৰ ধলাই আৰু গোৱালপাৰাৰ দুধনৈত এই সমজিলাকেইখন গঠন কৰা হ'ব। অসম মন্ত্রীসভাৰ কালি দিশপুৰত অনুষ্ঠিত বৈঠকৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত নির্মীয়মান অৱস্থাত থকা ৭ খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য এইবছৰতে দ্রুত গতিত আগবঢ়াই নিয়াৰ বাবে মন...

April 5, 2025 12:17 PM

views 30

সকলো চৰকাৰী জাননী, নিৰ্দেশনা, অধিসূচনা আদি ইংৰাজী ভাষাৰ উপৰি অসমীয়া ভাষাত প্ৰকাশ কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে পহিলা ব'হাগৰ পৰা সকলো চৰকাৰী জাননী, নিৰ্দেশনা, অধিসূচনা আদি ইংৰাজী ভাষাৰ উপৰি অসমীয়া ভাষাত প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে বৰাক উপত্যকাত বাংলা আৰু বিটিআৰত বড়ো ভাষাত অতিৰিক্তভাৱে প্ৰকাশ কৰা হ'ব। দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কালি এই সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীসভাৰ বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনভোগীসকলৰ বাবে যোৱা ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অতিৰিক্ত ২ শতাংশ মৰগীয়া বানচ বৃদ্ধি কৰাৰ বাবে অসম চৰকাৰ...

March 20, 2025 10:55 AM

views 20

মুখ্যমন্ত্রীৰ অধ্যক্ষতাত ডিব্ৰুগড়ত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ডিব্ৰুগড়ত আজি অসম মন্ত্ৰীসভাৰ বৈঠকৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড়ৰ মাইজানৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত দ্বিতীয়বাৰৰ বাবে বৈঠক হ'ব। বিয়লি ৪ বজাৰ পৰা হ'বলগীয়া বৈঠকে ৰাজ্যৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ে সামৰি ল'ব। বৈঠকত অংশ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিয়লি ডিব্ৰুগড়ত উপস্থিত হ'ব। এই ভ্ৰমণকালত তেওঁ উজনি অসমৰ কেইবাখনো সমজিলাৰ লগতে সমষ্টি পৰ্যায়ৰ চৰকাৰী উন্নয়নমূলক কাম-কাজৰো পৰ্যালোচনা কৰিব।

March 4, 2025 7:48 PM

views 24

প্ৰাক্তন আই আই টিয়ানৰ সহযোগত অসমত ১০ টা দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান-আই আই টিৰ পৰা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সৰ্বভাৰতীয় সংগঠনৰ সহযোগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ তত্বাৱধানত অসমত যুৱক-যুৱতীৰ দক্ষতা বিকাশৰ বাবে ১০ টা দক্ষতা কেন্দ্ৰ স্থাপন কৰা হ'ব। ৯০ কোটি টকা ব্যয় সাপেক্ষ এই প্ৰকল্পৰ ১০ শতাংশ ৰাজ্য চৰকাৰে আৰু বাকী অংশ আই আই টিৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সংগঠনে বহন কৰিব। দক্ষতা বিকাশৰ পাঠ্যক্ৰম গ্ৰহণ কৰা যুৱক-যুৱতীসকলৰ কর্মসংস্থাপন দিয়াৰ ব্যৱস্থাও আই আই টিৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এই সংগঠনে গ্রহণ কৰিব। আজি বিয়লি দিশপুৰত অনুষ্ঠিত ৰাজ্য মন...

February 17, 2025 12:57 PM

views 26

ৰাজ্যৰ চৰ অঞ্চলৰ ভূমিৰ জৰীপ কৰাৰ বাবে অসম মন্ত্রীসভাৰ সিদ্ধান্ত গ্ৰহণ

মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ অনুসৰি অসম মন্ত্রীসভাই চৰ অঞ্চলৰ ভূমিসমূহৰ জৰীপ কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰীসভাৰ বৈঠকত তিৱা স্বায়ত্ত শাসিত পৰিষদৰ সদস্যৰ সংখ্যা ৩৬ৰ পৰা ৪২ লৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয়। আয়ুর্বেদিক চিকিৎসক হিচাপে নতুনকৈ নিযুক্তি লাভ কৰি চৰকাৰী চিকিৎসালয়ত কৰ্মৰত চিকিৎসকসকলক তিনিবাৰকৈ আগতীয়া দৰমহা বৃদ্ধি কৰাৰ বাবে মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যখনত সেউজ শক্তি উৎপাদনৰ বাবে সংহত নীতি ৰূপায়ণতো মন্ত্রীসভা...

February 16, 2025 7:32 PM

views 22

১৪ এপ্ৰিলৰ পৰা চৰকাৰী অধিসূচনা আৰু নিৰ্দেশনাসমূহ ইংৰাজীৰ লগতে অসমীয়া ভাষাত প্ৰকাশ কৰা হ’ব

অহা ১৪ এপ্ৰিলৰ পৰা চৰকাৰী অধিসূচনা আৰু নিৰ্দেশনাসমূহ ইংৰাজীৰ লগতে অসমীয়া ভাষাত প্ৰকাশ কৰা হ'ব। বৰাক উপত্যকাত এনে কাম-কাজৰ ক্ষেত্ৰত অসমীয়া আৰু ইংৰাজীৰ লগতে বাংলা, আৰু বিটিআৰত অসমীয়া আৰু ইংৰাজীৰ উপৰি বড়ো ভাষা ব্যৱহাৰ কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি দিশপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত আজি এই বিষয়ে সিদ্ধান্ত লোৱা হয়। উল্লেখযোগ্য যে আজি ৰাজ্য চৰকাৰে অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ সৈতে কৰা আলোচনা অনুসৰি এই দফা ৰূপায়ণৰ বাবে অৱস...

February 5, 2025 8:07 PM

views 30

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম মন্ত্রীসভাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম মন্ত্রীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত অসম পৌৰনিগম কৰ্মচাৰীৰ প্ৰাদেশিকীকৰণ বিধেয়ক ২০২৫ত অনুমোদন জনায়। এই বিধেয়কৰ জৰিয়তে ৰাজ্যৰ ৭১ খন পৌৰ নিকায়ৰ এহেজাৰ ৪৪ গৰাকী কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ কৰিবলৈ বিচৰা হৈছে। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই বিষয়ে সদৰি কৰে। আজিব বৈঠকে অসমৰ বিভিন্ন শ্ৰেণীৰ বিদ্যালয়ত কৰ্মৰত অসমীয়া বিভাগৰ শিক্ষকসকলৰ চাকৰিৰ নিয়মাৱলী একেধৰণৰ কৰাৰ বাবেও সিদ্ধান্ত লয়। আজিব বৈঠকে অসমত ...

January 16, 2025 11:02 AM

views 30

পুৱা ১০.৩০ বজাৰ পৰা মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত

● মৰিগাঁৱত আজি ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত পুৱা ১০.৩০ বজাৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত মৰিগাঁও জিলাৰ সামগ্রিক উন্নয়নৰ বাবে ভালেমান আঁচনি আৰু প্ৰকল্প গ্ৰহণ কৰা হ'ব। জিলাখনৰ ১০০ বছৰীয়া বিদ্যালয়, প্রাদেশিকৃত মহাবিদ্যালয় আৰু কেইবাখনো সত্ৰলৈ আজি বিত্তীয় অনুদান আগবঢ়োৱাৰো সম্ভাৱনা আছে। বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ নেতৃত্বত মন্ত্ৰীসভাৰ সদস্যসকলে জাগীৰোড ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰিব।

January 12, 2025 11:53 AM

views 19

১৬ জানুৱাৰীত মৰিগাঁৱত পোনপ্ৰথমবাৰৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠক

১৬ জানুৱাৰীত মৰিগাঁৱত পোনপ্ৰথমবাৰৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাজ্যৰ জনসংযোগ, সংসদীয় পৰিক্রমা, জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই কালি মৰিগাঁও ভ্ৰমণৰ সময়ত এইকথা প্ৰকাশ কৰে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, মৰিগাওঁৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ সৈতে মন্ত্ৰীসভাৰ বৈঠকৰ প্ৰস্তুতি সম্পর্কে আলোচনা কৰি শ্ৰীহাজৰিকাই কয়, যে বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা, জোনবিল মেলাত উপস্থিত হ'ব আৰু তিৱা ৰজাসকলক ৰাজভাট্টা প্ৰদান কৰিব। তেওঁ লগতে জাগীৰোডত নি...

December 14, 2024 11:03 AM

views 33

ৰাজ্যৰ কেবিনেটৰ বৈঠকত মন্ত্ৰীসকলৰ ম’বাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ

ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে এখন জাননীৰ জৰিয়তে কেবিনেটৰ বৈঠকত মন্ত্ৰীসকলৰ ম'বাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে। আনকি কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিবলগীয়া বিভাগীয় সচিবকে ধৰি অন্যান্য বিষয়াসকলেও ম'বাইল লৈ প্ৰৱেশ কৰাত বাধা আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে ৭ ডিচেম্বৰত অনুষ্ঠিত কেবিনেটৰ বৈঠকতে ম'বাইল ফোন নিষিদ্ধকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। মন্ত্রী-বিষয়াসকলে কেবিনেট বৈঠকত অংশগ্ৰহণ কৰাৰ পূৰ্বে তেওঁলোকৰ ম'বাইল ফোনসমূহ বাহিৰত থৈ আহিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ২০১৬ চনৰ পৰাই কেবিন...