March 27, 2025 8:28 PM March 27, 2025 8:28 PM

views 4

কেন্দ্ৰীয় চৰকাৰে ধান আৰু সৰিয়হৰ ক্ষেত্ৰত নিৰ্দিষ্ট কৰা ন্যূনতম সমৰ্থন মূল্যতকৈ ৰাজ্যৰ কৃষকক অতিৰিক্ত মূল্য প্রদানত অসম মন্ত্ৰীসভাৰ অনুমোদন

দিছপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত কেন্দ্ৰীয় চৰকাৰে ধান আৰু সৰিয়হৰ ক্ষেত্ৰত নিৰ্দিষ্ট কৰা ন্যূনতম সমৰ্থন মূল্যতকৈ ৰাজ্যখনৰ কৃষকসকলক অতিৰিক্ত মূল্য প্রদানতো অনুমোদন জনায়। সেই অনুসৰি ধানৰ প্ৰতি কুইণ্টলত কেন্দ্ৰীয় চৰকাৰে নিৰ্দিষ্ট কৰা ২ হেজাৰ ৫৫০ টকাৰ অতিৰিক্ত হিচাপে অসমৰ কৃষকক ২৫০ টকা অধিক সমর্থন মূল্য লাভ কৰিব। সৰিয়হৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমর্থনমূল্য ৫ হাজাৰ ৫০০ টকাৰ উপৰি অতিৰিক্ত ৫০০ টকা অসমৰ কৃষকে লাভ কৰিব।