September 25, 2024 12:22 PM
12
ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ নৱম শ্ৰেণীত অধ্যয়নৰত ৩.২৩ লাখতকৈও অধিক ছাত্র-ছাত্রীক চাইকেল প্ৰদানৰ সিদ্ধান্ত
অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ নৱম শ্ৰেণীত অধ্যয়নৰত ৩ লাখ ২৩ হাজাৰতকৈও অধিক ছাত্র-ছাত্রীক চাইকেল প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই সিদ্ধান্ত সদৰি কৰিছে। কালি অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় ১৫০ কোটি টকা ব্যয় কৰিব। ড° শৰ্মাই দৃঢ়তাৰে কয় যে এই পদক্ষেপে বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰিব আৰু আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ হ্ৰাস কৰিব। এই আঁচনিৰ বাবে মুঠ ১৪৮ কোটি ৫৫ লাখ ...