June 26, 2024 11:50 AM

views 23

কাইলৈ নলবাৰীত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

কাইলৈ নলবাৰীত অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰৰ বাহিৰত অনুষ্ঠিত কৰি অহা এই কেবিনেট বৈঠকৰ বাবে নলবাৰী জিলা প্ৰশাসনে ইতিমধ্যে প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। বৈঠকখন আজি অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও জনসংযোগৰ এটা বিবৃতিত স্থগিত ৰখাৰ কথা প্ৰকাশ কৰে। আনহাতে, অহা ২৯ আৰু ৩০ জুনত দুদিনীয়াকৈ লখিমপুৰত অনুষ্ঠিত হ'বলগীয়া জিলা আয়ুক্তসকলৰ বৈঠকখনৰো দিন সলনি কৰা হৈছে। সেই অনুসৰি এই বৈঠক অহা ২ আৰু ৩ জুলাইত লখিমপুৰত অনুষ্ঠিত হ'ব।

June 24, 2024 11:59 AM

views 21

নলবাৰীত অহা ২৬ জুনত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠক

ৰাজ্যিক মন্ত্রীসভাৰ বৈঠক অহা ২৬ জুনত নলবাৰীত অনুষ্ঠিত হ'ব। মুখমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰৰ বাহিৰত হ'বলগীয়া চতুৰ্দশ মন্ত্রীসভাৰ বৈঠকৰ বাবে নলবাৰী জিলা প্রশাসনে ইতিমধ্যে প্রস্তুতি চলাইছে। এই উদ্দেশ্যে  কালি কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ত এখন প্ৰস্তুতি বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত জিলা প্ৰশাসন আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেবিনেট বৈঠক সন্দৰ্ভত যাৱতীয় পৰিকল্পনা গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দায়িত্বভাৰ গ্ৰহণ কৰ...