December 23, 2024 9:22 PM

views 15

অৰুণোদয় লাভ কৰা ৬৮২গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব

ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা ৬৮২ গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে শীঘ্ৰেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। ডিব্ৰুগড়ৰ অসম সচিবালয়ত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত ২০২৫ বৰ্ষটো কিতাপৰ দিৱস হিচাপে পালনৰ সিদ্ধান্তও গ্ৰহণ কৰা হয় । তদুপৰি ফৰেষ্ট ভিলেজৰ গাঁওবুঢ়ালৈ ৯ হাজাৰ টকাকৈ পাৰিতোষিক প্ৰদানৰ ক্ষেত্ৰত মন্ত্ৰীসভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্তসমূহ অহা ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব বুলি মুখ্যমন্ত্ৰ...