March 27, 2025 8:31 PM

views 18

দৰং জিলাত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনত অসম মন্ত্ৰী সভাৰ বৈঠকত অনুমোদন

দিছপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত দৰং জিলাত ৫৭২ কোটি টকা ব্যয় সাপেক্ষে এখন চিকিৎসা মহাবিদ্যালয় স্থাপনত অনুমোদন জনায়। চিকিৎসা মহাবিদ্যালয়খনৰ লগতে এখন বি এছ চি নাৰ্ছিং মহাবিদ্যালয় আৰু  এখন জি এন এম নাৰ্ছিং স্কুল স্থাপনতো আজিৰ বৈঠকত অনুমোদন জনোৱা হয়।