June 11, 2025 12:04 PM

views 33

ৰাজ্যৰ আশাকৰ্মী আৰু আশা নিৰীক্ষকসকলৰ মাননি বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্যিক মন্ত্রীসভাৰ

ৰাজ্যিক মন্ত্রীসভাই আশাকৰ্মী আৰু আশা নিৰীক্ষকসকলৰ মাননি বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দিছপুৰত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা এই সিদ্ধান্ত অনুসৰি পহিলা অক্টোবৰৰ পৰা আশাকৰ্মীসকলে ৪ হাজাৰ আৰু আশা নিৰীক্ষকসকলে ১০ হাজাৰ ২০০ টকা মাহেকীয়া মাননি লাভ কৰিব। স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আশাকর্মী আৰু আশা নিৰীক্ষকসকলৰ উদগনিমূলক ধনৰাশি বৃদ্ধিৰ কথা প্ৰকাশ কৰে।