January 10, 2026 12:39 PM
9
দিছপুৰৰ লোকসেৱা ভৱনত অসম মন্ত্ৰীসভাৰ বৈঠক
অসম মন্ত্রীসভাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ন্যায়িক প্ৰক্ৰিয়া সবল কৰাৰ বাবে বিশেষ চৰকাৰী অধিবক্তাৰ পাঁচজনীয়া এটা দল নিযুক্তিত অনুমোদন জনাইছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠক পাছত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই অধিবক্তাৰ দলটোৱে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আদালতত যুঁজ দিব। মন্ত্রীসভাই লগতে অসমবাসীৰ প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি সংৰক্ষণৰ বাবে পৰিয়াল আৰু শুভাকাংক্ষীয়ে গঠন কৰা জুবিন গাৰ্গ ন্যাসলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫ কোটি টকা...