October 23, 2024 6:10 PM

views 30

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। বিহালী সমষ্টিত ভাৰতীয় জনতা পাৰ্টি প্রক্ষেপিত প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰে বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ত আজি মনোনয়ন পত্র দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্ত্ৰী পীযূষ হাজৰিকা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে ভালেকেইজন সাংসদ আৰু বিধায়ক উপস্থিত থাকে। এই উপলক্ষে বিজেপিৰ এটা জনসমাৱেশত মন্ত্ৰী শ্ৰী হাজৰিকাই ৰাইজক বিজেপিৰ প্ৰাৰ্থীৰ্গৰাকীক বিপুল সংখ্যক ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জন...