November 11, 2024 8:42 PM

views 21

অসমৰ পাঁচটা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি

অসমৰ পাঁচটা বিধানসভা সমষ্টিত পৰহিলৈ হ'বলগীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি কিছুসময় পূৰ্বে সামৰণি পৰিছে। নির্বাচনী প্ৰচাৰৰ আজি অন্তিম দিনটোত শেষবাৰৰ বাবে ভোটদাতাৰ মন আকৰ্ষণ কৰিবলৈ সৰ্বাত্মক প্রচেষ্টা চলাই আৰু প্ৰচাৰ অভিযানৰ উত্তাপ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হয়। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বঙাইগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ সমৰ্থনত মহিলা মৰ্চাই উলিওৱা শোভাযাত্রা আনুষ্ঠানিকভাৱে মুকলি কৰে। মন্ত্ৰী অতুল বৰাৰ লগতে ভালেসংখ্যক বিজেপি আৰু অগপৰ কৰ্মীয়ে এই নির্বাচনী সমদলত অ...

November 9, 2024 11:13 AM

views 28

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত ১৩ নৱেম্বৰত হ’বলগীয়া উপ-নির্বাচনৰ প্ৰচাৰ অভিযান তুংগত

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ বাবে হ'বলগীয়া উপ-নির্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। অহা ১৩ নৱেম্বৰত হ'বলগীয়া এই উপ-নির্বাচনত মুঠ ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালকে ধৰি মন্ত্ৰী, সাংসদ আৰু বিধায়কে এন ডি এৰ প্ৰাৰ্থীৰ হৈ বিভিন্ন নির্বাচনী সভাত অংশগ্রহণ কৰিছে৷ ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু সাংসদ গৌৰৱ গগৈয়েও দলীয় প্ৰাৰ্থীৰ হৈ ঠায়ে ঠায়ে প্ৰচাৰ চলাই আছে। উপ-নির্বাচন হ'বলগীয়া ধলাই সমষ্টিৰ পৰা ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা...

November 8, 2024 6:55 PM

views 19

ৰাজ্যৰ ৫টা সমষ্টিত হ’বলগীয়া উপ-নির্বাচনলৈ মাজত ৪টা দিন, বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অভিযান

ৰাজ্যৰ ৫টা সমষ্টিত হ'বলগীয়া উপ-নির্বাচনলৈ মাজত ৪টা দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চিদলী আৰু বঙাইগাঁও বিধানসভা সমষ্টিত বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। চিদলীৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ সমৰ্থনত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সোণোৱালে বাসুগাঁৱত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাখনত সাংসদ জয়ন্ত বসুমতাৰী, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ লগতে মন্ত্ৰী উৰ্খাও গ...

November 2, 2024 6:19 PM

views 31

উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান অব্যাহত

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। শাসকীয় বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাইছে। বঙাইগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত অগপ প্রার্থী দিপ্তীময়ী চৌধুৰীৰ লগতে কংগ্ৰেছ প্রার্থী ব্রজেনজিৎ সিংহই ভোটাৰৰ মন জয় কৰাৰ বাবে চেষ্টা চলাইছে। ইফালে, বিহালী বিধানসভা সমষ্টিত বিজেপি প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা পৱিত্ৰ মাৰ্ঘেৰিটা আৰু...

October 30, 2024 8:44 PM

views 26

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৩৪গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা, ৰাজনৈতিক দলৰ প্ৰচাৰ অব্যাহত

অহা ১৩ নৱেম্বৰত উপ-নিৰ্বাচন হ’বলগীয়া ধলাই বিধানসভা সমষ্টিৰ এজন নির্দলীয় প্রার্থীয়ে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। ইয়াৰ ফলত ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া মুঠ প্ৰাৰ্থীৰ সংখ্যা ৩৪গৰাকী হয়। উপ-নির্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ ভিতৰত ধলাইত ৮ জন, ছিদলীত ৩ জন, বঙাইগাঁৱত ৮ জন, বিহালীত ৪ জন আৰু চামগুৰি সমষ্টিত ১১ জন প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। উল্লেখযোগ্য যে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আছিল। ইফালে,  উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰ...