October 26, 2024 1:37 PM
25
ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৩৮গৰাকী প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ দাখিল
ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে হ'বলগীয়া আসন্ন উপ-নিৰ্বাচনৰ বাবে ৩৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰিছে। কালি অন্তিম দিনটোত আটাইকেইটা ৰাজনৈতিক দল তথা নির্দলীয় প্রার্থীকে ধৰি মুঠ ২৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। কালি বিহালী বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বৰাই কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ শীৰ্ষ নেতৃত্বৰ লগতে সাংসদ গৌৰৱ গগৈ উপস্থিতিত মনোনয়ন দাখিল কৰে। আনহাতে ছিদলী বিধানসভা সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীয়ে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস...