November 14, 2024 12:09 PM

views 31

ৰাজ্যৰ ৫টা সমষ্টিত অনুষ্ঠিত উপ-নির্বাচন সামগ্রিকভাৱে শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত

ৰাজ্যৰ ৫টা সমষ্টিত কালি অনুষ্ঠিত উপ-নির্বাচন সামগ্রিকভাৱে শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত হয়। কোনো কোনো স্থানত দুই এটা বিক্ষিপ্ত ঘটনা সংঘটিত হয় যদিও এনে ঘটনাই ভোটগ্রহণ প্ৰক্ৰিয়াত কোনো ধৰণৰ প্রভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। নির্বাচন অনুষ্ঠিত বঙাইগাঁও, চামগুৰি, বিহালী, চিদলী আৰু ধলাই সমষ্টিৰ ভোটগ্রহণ কালি বিয়লি ৫ বজাত সামৰণি পৰে। চামগুৰি সমষ্টিত সৰ্বাধিক আৰু বঙাইগাঁও সমষ্টিত সর্বনিম্ন ভোটগ্রহণ হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। নির্বাচন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে চামগুৰি সমষ্টিত ৭৯ শতাংশ, ...

November 14, 2024 9:52 AM

views 26

চামগুৰি সমষ্টিত সৰ্বাধিক আৰু বঙাইগাঁও সমষ্টিত সর্বনিম্ন ভোটগ্রহণ

ৰাজ্যৰ ৫টা সমষ্টিত কালি অনুষ্ঠিত উপ-নির্বাচন সামগ্ৰিকভাৱে শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত হয়। কোনো কোনো স্থানত দুই এটা বিক্ষিপ্ত ঘটনা সংঘটিত হয় যদিও এনে ঘটনাই ভোটগ্রহণ প্রক্রিয়াত কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। নির্বাচন অনুষ্ঠিত বঙাইগাঁও, চামগুৰি, বিহালী, চিদলী আৰু ধলাই সমষ্টিৰ ভোটগ্রহণ কালি বিয়লি ৫ বজাত সামৰণি পৰে। চামগুৰি সমষ্টিত সৰ্বাধিক আৰু বঙাইগাঁও সমষ্টিত সর্বনিম্ন ভোটগ্রহণ হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। নির্বাচন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে চামগুৰি সমষ্টিত ৭৯ শতাংশ, ...

November 12, 2024 2:14 PM

views 38

১১ খন ৰাজ্যৰ ৩৩ টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ

কেৰালাৰ ৱায়নাড সংসদীয় সমষ্টিৰ লগতে ১১ খন ৰাজ্যৰ ৩৩ টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। উপ-নির্বাচন হ'বলগীয়া বিধানসভা সমষ্টিকেইটাৰ ভিতৰত অসমৰ ৫টা, ৰাজস্থানৰ ৭, পশ্চিমবংগৰ ৬, বিহাৰৰ ৪, কৰ্ণাটকৰ ৩ টা, মধ্য প্ৰদেশ আৰু ছিকিমৰ দুটাকৈ তথা কেৰালা, ছট্টিশগড়, গুজৰাট আৰু মেঘালয়ৰ এটাকৈ সমষ্টি আছে। অসমৰ চিদলী, বঙাইগাঁও, চামগুৰি, বিহালী আৰু ধলাই বিধানসভা সমষ্টিৰ উপ-নির্বাচন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ১,০৭৮টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে। ...

November 12, 2024 2:06 PM

views 26

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগ্রহণৰ বাবে নিৰ্বাচন আয়োগৰ প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত কাইলৈ হ’বলগীয়া উপ-নির্বাচনৰ ভোটগ্রহণৰ বাবে নিৰ্বাচন আয়োগে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কাইলৈ পুৱা ৭ বজাৰ পৰা চিদলী, বঙাইগাঁও, চামগুৰি, বিহালী আৰু ধলাই বিধানসভা সমষ্টিৰ বাবে মুঠ ১,০৭৮টা কেন্দ্ৰত ভোটগ্রহণ কৰা হ'ব। ইয়াৰে চিদলীত ২৭৩টা, বঙাইগাঁৱত ২৪৬টা, চামগুৰিত ১৯৭টা, বিহালীত ১৫৪টা আৰু ধলাইত ২০৮টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহত ভোটগ্রহণ সুকলমে সম্পন্ন কৰাৰ দায়িত্বত নিয়োজিত প্রায় ৪,৫০০ গৰাকী বিষয়া-কৰ্মচাৰী আজি বিয়লিৰ ভিতৰত নিজ নিজ কর্মস্থল...

November 12, 2024 9:22 AM

views 29

অসমৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনত মুঠ ৩৪ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

অসমৰ পাঁচটা বিধানসভা সমষ্টিত কাইলৈ হ'বলগীয়া উপ-নির্বাচনৰ প্ৰচাৰ অভিযানৰ কালি বিয়লি সামৰণি পৰে। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত কালি শেষবাৰৰ বাবে ভোটদাতাৰ মন জয় কৰিবলৈ ৰাজনৈতিক দলসমূহে চেষ্টা চলোৱা পৰিলক্ষিত হয়। এই উপ-নির্বাচনত মুঠ ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ধলাই আসনৰ বাবে ৮ গৰাকী, চামগুৰিৰ বাবে ১১ গৰাকী, চিদলী আসনখনৰ বাবে ৩ গৰাকী, বিহালী আসনখনৰ বাবে ৪ গৰাকী প্ৰাৰ্থী আৰু বঙাইগাঁও আসনৰ বাবে ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ১০ লাখতকৈও অধিক ভোটদাতাই এই প্ৰাৰ্থীসকলৰ ৰ...

November 10, 2024 6:45 PM

views 20

চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰৰ সময়ত সংঘটিত ৰাজনৈতিক হিংসাক মুখ্যমন্ত্রীৰ গৰিহণা

চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰৰ সময়ত কালি সংঘটিত ৰাজনৈতিক হিংসাৰ ঘটনা সন্দৰ্ভত আজি বিজেপিয়ে কংগ্ৰেছ দলৰ বিৰুদ্ধে অভিযোগ তুলি নগাঁৱৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰিছে। মন্ত্ৰী বিমল বৰা আৰু বিধায়ক ৰূপক শৰ্মাই এই পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে যোৱা নিশা চামগুৰিৰ পুঠিখাইটিত বিধায়ক জিতু গোস্বামীৰ গাড়ীলৈ দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইয়াকে লৈ সমষ্টিটোত কংগ্ৰেছ আৰু বিজেপিৰ সমৰ্থকৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়। এই ঘটনাত...

November 10, 2024 6:42 PM

views 33

বিহালী সমষ্টিৰ উপ-নিৰ্বাচনত আম আদমী পাৰ্টীয়ে গেৰাণ্টি কার্ড মুকলিৰে নিৰ্বাচনী প্ৰচাৰ

ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ ২৪ ঘণ্টা বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে নিজ নিজ প্ৰাৰ্থীৰ হৈ ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।  বিহালীত আম আদমী পাৰ্টীয়ে সমষ্টিটোৰ প্ৰাৰ্থী অনন্ত গগৈৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে আজি গেৰাণ্টি কার্ড মুকলি কৰে। সমষ্টিটোৰ বৰগাঙত অনুষ্ঠিত সংবাদমেলত দলৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ-পূবৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে পাঁচদফীয়া গেৰাণ্টি কার্ড মুকলি কৰে। এই কাৰ্ডত সমষ্টিটো...

November 10, 2024 6:12 PM

views 26

ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান

ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে নিজ নিজ প্ৰাৰ্থীৰ হৈ ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি দিগন্ত ঘাটোৱালৰ হৈ বিহালী সমষ্টিত প্ৰচাৰ চলায় ৷ কংগ্ৰেছ দলৰ সাংসদ তথা বিৰোধীৰ উপ-দলপতি গৌৰৱ গগৈয়ে বিহালীত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। সাংসদ ৰকিবুল হুছেইনে বিহালীত, চামগুৰিত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই দলীয় প্ৰাৰ্থীৰ হ...

November 7, 2024 6:45 PM

views 31

চামগুৰি আৰু বিহালী সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ

অহা ১৩ নৱেম্বৰত ৰাজ্যৰ ৫টা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অভিযান চলাই আছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শর্মাই আজি চামগুৰি আৰু বিহালী সমষ্টিৰ দলীয় প্ৰাৰ্থী দুগৰাকীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে চামগুৰি উচ্চতৰ মাধ্যমিক খেলপথাৰ, বিহালী স্নাতক মহাবিদ্যালয় খেলপথাৰ আৰু মহাবীৰ বিদ্যালয় খেলপথাৰত অনুষ্ঠিত নির্বাচনী সভাত উন্নয়নৰ স্বাৰ্থত দলীয় প্ৰাৰ্থী দুগৰাকীক সমর্থন জনাবলৈ আহ্বান জনায়। ইফালে অসম প্রদেশ ক...

November 6, 2024 7:33 PM

views 48

চিদলী বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

ৰাজ্যৰ পাঁচটা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে মাজত ৬টা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই আজি চিদলী বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। নিজৰ ভাষণত ড০ শৰ্মাই বিটিআৰত সুদীৰ্ঘ দিনৰ হিংসাত্মক পৰিস্থিতিৰ পাছত শান্তি প্রতিষ্ঠা হৈছে বুলি উল্লেখ কৰি অনুষ্ঠানটোত শান্তি আৰু উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক জ...