October 19, 2024 7:00 PM

views 25

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে কালি অধিসূচনা জাৰি কৰাৰ লগে লগে সমষ্টিকেইটাত মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। উল্লেখযোগ্য যে ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিৰ বাবে অহা ১৩ নৱেম্বৰত উপ-নির্বাচন অনুষ্ঠিত হ'ব। ৫টা সমষ্টিত সৰ্বমুঠ ৯ লাখ ১০ হাজাৰ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। নির্বাচন হ'বলগীয়া সমষ্টিকেইটাত মুঠ এহেজাৰ ৭৮টা ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব। এই পাঁচোটা সমষ্টিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে থকা অঞ্চলসমূহ সামৰি এই নির্বাচন অনুষ্ঠিত হ'ব। চামগুৰি বিধানসভা সমষ...