November 29, 2024 7:14 PM

views 24

উপ-নির্বাচনত জয়ী হোৱা ৫ গৰাকী বিধায়কৰ বিধানসভাৰ সদস্যৰূপে শপতগ্ৰহণ

সদ্য সমাপ্ত বিধানসভাৰ উপ-নির্বাচনত জয়ী হোৱা পাঁচগৰাকী বিধায়কে আজি বিধানসভাৰ সদস্যৰূপে শপতগ্ৰহণ কৰে। আজি বিয়লি দিছপুৰৰ নতুন বিধানসভা ভৱনত আয়োজিত এটা অনাড়ম্বৰ অনুষ্ঠানত বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধায়ক কেইগৰাকীক গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। প্ৰথমে বিহালী সমষ্টিৰ পৰা নিৰ্বাচিত বিজেপি বিধায়ক দিগন্ত ঘাটোৱালে শপতগ্ৰহণ কৰে। ইয়াৰ পাছত চামগুৰিৰ পৰা নিৰ্বাচিত বিজেপি বিধায়ক দিপুৰঞ্জন শর্মা, ছিদলীৰ পৰা নিৰ্বাচিত বি পি এফৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, বঙাইগাঁৱৰ পৰা নিৰ্বাচিত অসম গণ পৰি...

November 29, 2024 6:10 PM

views 27

উপ-নির্বাচনত জয়ী হোৱা ৫ গৰাকী বিধায়কৰ বিধানসভাৰ নতুন ভৱনত আয়োজিত বিশেষ কাৰ্যসূচীত শপত গ্ৰহণ

ৰাজ্যত অলপতে অনুষ্ঠিত বিধানসভাৰ উপ-নির্বাচনত জয়ী হোৱা পাঁচগৰাকী বিধায়কে আজি বিধানসভাৰ নতুন ভৱনত আয়োজিত বিশেষ কাৰ্যসূচীত শপত গ্ৰহণ কৰে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বঙাইগাঁৱৰ দিপ্তীময়ী চৌধুৰী, বিহালীৰ দিগন্ত ঘাটোৱাল, ধলাইৰ নিহাৰৰঞ্জন দাস, ছিদলীৰ নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু চামগুৰি সমষ্টিৰ পৰা জয়ী হোৱা দিল্লুৰঞ্জন শৰ্মাক শপত বাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে।

November 24, 2024 11:07 AM

views 31

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নির্বাচনত বিজেপি মিত্রজোঁটৰ জয়লাভ

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নির্বাচনত বিজেপি মিত্রজোঁটে পাঁচোটা সমষ্টিতে জয়লাভ কৰিবলৈ সক্ষম হৈছে। ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। বঙাইগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ অগপ প্রার্থী দিপ্তীময়ী চৌধুৰীয়ে ৩৫ হাজাৰতকৈ অধিক ভোটত জয়লাভ কৰে। একেদৰে, চিদলী সমষ্টিত এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী ইউ পি পি এলৰ নিৰ্মল কুমাৰ ব্ৰহ্মই ৩৭ হাজাৰতকৈ অধিক ভোটত জয়ী হৈছে। কৰে। নগাঁও জিলাৰ চামগুৰি সমষ্টিত বিজেপি প্রার্থী দিপলুৰঞ্জন শৰ্মাই ২২ হাজাৰতকৈ অধিক ...

November 23, 2024 10:48 AM

views 29

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগণনা অব্যাহত

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগণনা চলি আছে। ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিৰ মুঠ ৬৮ খন ভোটগণনা মেজত ভোটগণনা কৰাৰ পূৰ্বে মুঠ ৯ খন মেজত ডাকযোগে অহা বেলট কাকতসমূহ গণনাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পাছত ৮৫ বছৰ ঊৰ্ধৰ ভোটদাতাসকলে বেলট কাকতত দিয়া ভোটসমূহ গণনা কৰা হ'ব। দুপৰীয়াৰ ভাগত ভোটগণনাৰ প্ৰাৰম্ভিক ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে। ভোটগণনাৰ বাবে প্ৰায় তিনিশ পঞ্চাছ গৰাকী কৰ্মচাৰীক নিযুক্ত কৰা হৈছে। ভোটগণনা কাৰ্য সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে...

November 12, 2024 7:16 PM

views 28

কাইলৈ ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত ভোটগ্রহণ

কাইলৈ পুৱা সাত বজাৰ পৰা ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ'ব। বিয়লি ৫ বজালৈকে চলিবলগীয়া এই ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ভোটগ্ৰহণকাৰী দলসমূহ ইতিমধ্যে নিজ নিজ ভোটগ্রহেণ কেন্দ্ৰত উপস্থিত হৈছে। নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱা চামগুৰি বিধানসভা সমষ্টিৰ আটাইবোৰ ভোটগ্রহণ কেন্দ্ৰতে সশস্ত্ৰ নিৰাপত্তাৰক্ষী নিযুক্ত কৰা হৈছে। স্পৰ্শকাতৰ বুলি চিহ্নিত আন চাৰিটা সমষ্টিৰো ভোটগ্রহণ কেন্দ্ৰসমূহত সশস্ত্ৰ নিৰাপত্তা বাহিনী নিয়োগ কৰা হৈছে। ইয়াৰ উপৰি ...