May 12, 2025 11:51 AM

views 31

ৰাজ্যত আজি বুদ্ধ পূর্ণিমা উদযাপন

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ দক্ষিণ-পূব এছিয়া আৰু অসমতো আজি বুদ্ধ পূর্ণিমা উদযাপন কৰা হৈছে। গৌতম বুদ্ধৰ জন্মৰ দিনটোৰ লগতে বুদ্ধগয়াত মহাবোধি বৃক্ষৰ তলত তেওঁ পৰিনিৰ্বাণ লাভ কৰা দিন উপলক্ষে আজি বুদ্ধ পূর্ণিমা পালন কৰা হয়। সমগ্ৰ বিশ্বৰ বৌদ্ধ আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলে এই দিনটো উদযাপন কৰাৰ লগতে ভাৰত, নেপাল, ভূটান, বার্মা, থাইলেণ্ড, তিব্বত, কোৰিয়া, লাওছ, ভিয়েটনাম, মংগোলিয়া, কম্বোডিয়া, ছিংগাপুৰ, ইণ্ডোনেছিয়া আৰু শ্ৰীলংকাৰ দৰে দেশসমূহত মহা আড়ম্বৰেৰে এই দিৱস উদযাপন কৰা হয় ৷