January 7, 2025 8:32 PM

views 23

১২ দিনীয়া অসম গ্ৰন্থমেলাৰ আজি সামৰণি

সাহিত্য-সংস্কৃতি-ভাষা-ইতিহাস আদিকে ধৰি এলানি বৰ্ণিল কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত ১২ দিনীয়া অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত অনুষ্ঠিত এই গ্রন্থমেলাত প্রায় ৭ কোটি টকাৰ কিতাপ বিক্ৰী হয় বুলি প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছে। আজি অন্তিম দিনাৰ সামৰণি অনুষ্ঠানত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সচিব তথা শৈক্ষিক মুৰববী ড০ সচ্চিদানন্দ যোশীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। শ্ৰীযোশীয...

January 1, 2025 8:49 PM

views 25

গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত অসম গ্রন্থমেলাত নৱবৰ্ষৰ পহিলা দিনত গ্রন্থপ্ৰেমীৰ ভিৰ

গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম গ্রন্থমেলাত আজি নৱবৰ্ষৰ পহিলা দিন উপলক্ষে অগণন গ্রন্থপ্ৰেমীৰ সমাগম হৈছে। অসম প্ৰকাশন পৰিষদৰ সূত্ৰই প্ৰকাশ কৰা মতে আজি গ্ৰন্থৰ বিক্ৰী যথেষ্ট আশাব্যঞ্জক। আজি বিয়লি গ্রন্থমেলাথলীত লেখক-পাঠকৰ উন্মিলন শীৰ্ষক সমাৰোহৰ আয়োজন কৰা হয়। গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত, কবি, লেখক ড০ পাৰ্থ সাৰথি মহন্তই এই সন্মিলনৰ শুভাৰম্ভ কৰে। নিজৰ ভাষণত তেওঁ মাতৃভাষাক লৈ গৌৰৱ কৰিব পৰা মানসিকতা গঢ়ি তুলিবলৈ আহ্বান জনায়। অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশ লৈ কলকাতাৰ প্ৰখ্যাত লেখক বিনোদ ঘোষালে...