January 6, 2026 7:29 AM

views 11

অসম গ্রন্থ মেলাত অসমীয়া নাট্য আন্দোলন : পৰম্পৰা আৰু বিৱৰ্তন শীৰ্ষক আলোচনা সত্ৰ অনুষ্ঠিত

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্রন্থ মেলাত আজি দিনৰ ২.৩০ বজাত অসমীয়া নাট্য আন্দোলন : পৰম্পৰা আৰু বিৱৰ্তন শীৰ্ষক আলোচনা সত্ৰ অনুষ্ঠিত হয়। বিশিষ্ট নাট্যকাৰ, নাট পৰিচালক দুলাল ৰয়ে এই আলোচনা সত্ৰ উদ্বোধন কৰে। নাট্যকাৰ তথা নাট পৰিচালক জিতেন শৰ্মাই পৰিচালনা কৰা এই আলোচনা সত্ৰত নাট্যকাৰ কৰুণা ডেকা, নাট পৰিচালক মাণিক আহমেদ, লেখক- নাট সমালোচক সঞ্জীৱ কুমাৰ শৰ্মা, লেখক-অধ্যাপক ড০ ...

January 4, 2026 9:15 PM

views 39

গুৱাহাটীৰ অসম গ্ৰন্থমেলাৰ দ্বাদশ দিনাও গ্ৰন্থপ্ৰেমীৰ ভিৰ, বৰ্তমানলৈকে ৬ কোটি ৩০ লাখ টকাৰ কিতাপ বিক্ৰী

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্রন্থ মেলাত আজি শিশু দিন উদযাপন কৰা হয়। গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত, কবি-সাহিত্যিক, পার্থসাৰথি মহন্তই এই শিশু দিন কার্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে। শ্ৰীমহন্তই অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ এই প্ৰচেষ্টাৰ শলাগ লৈ কয় যে গ্রন্থমেলাত শিশুসকলৰ প্ৰতিভা বিকাশৰ বাবে এটা দিন উদযাপন কৰাটো অতি আনন্দৰ কথা। শিশুসকল ...