January 3, 2026 7:14 PM

views 15

অসম গ্রন্থ মেলাৰ আজি একাদশ দিনা মহিলাসকলৰ ভিন্নসুৰী কাৰ্য্যসূচী অনুষ্ঠিত

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্রন্থ মেলাৰ আজি একাদশ দিনা মহিলাসকলৰ ভিন্ন সুৰী কাৰ্য্যসূচী অনুষ্ঠিত হয়। ইয়াৰ লগতে বিয়লি ৩ বজাৰ পৰা বহুভাষিক কবি সন্মিলন অনুষ্ঠিত হয়। অপৰাজিতা পূজাৰীয়ে সঞ্চালনা কৰা এই অনুষ্ঠানত হায়দাবাদৰ বিশিষ্ট কবি ৰমেশ কার্তিক আৰু উত্তৰ প্ৰদেশ আগশাৰীৰ কবি গৌৰৱ পাণ্ডে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। বিয়লি ৫ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

January 3, 2026 6:59 PM

views 25

এখন শক্তিশালী পাঠক সমাজে জাতিটোক শক্তিশালী কৰে আৰু গ্ৰন্থমেলা হৈছে এনে পাঠক সমাজ গঢ়ি তোলাৰ মহৎ পদক্ষেপঃ সৰ্বানন্দ সোণোৱাল

এখন শক্তিশালী পাঠক সমাজে জাতিটোক শক্তিশালী কৰে আৰু গ্ৰন্থমেলা হৈছে এনে পাঠক সমাজ গঢ়ি তোলাৰ মহৎ পদক্ষেপ বুলি কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্রকাশ কৰিছে। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ বাকৰিত কালি গ্ৰন্থমেলাৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰি শ্ৰীসোণোৱালে এইদৰে কয়। তেওঁ গ্ৰন্থমেলা কিতাপৰ তীৰ্থস্থান বুলি উল্লেখ কৰি কয়, যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাই গ্ৰন্থমেলাৰ জৰিয়তে ৰাজ্যত বৌদ্ধিক আন্দোলন শক্তিশালী কৰিছে। প্রযুক্...

January 1, 2026 8:11 PM

views 20

খানাপাৰাত অনুষ্ঠিত অসম গ্রন্থমেলাত গ্রন্থপ্ৰেমীৰ সমাগম

ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত আজি অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থ মেলাত গ্রন্থপ্ৰেমীৰ সমাগম দেখা যায়। নতুন বছৰৰ প্ৰথম দিনটো গ্ৰন্থৰ সান্নিধ্যৰে আদৰিবলৈ পুঁথিপ্রেমী, বিদ্যত সমাজ, শিক্ষাৰ্থী আৰু লেখৰ সাহিত্যিকৰ বিশাল সমাবেশে গ্রন্থমেলাস্থলী উৎসৱৰ লহৰ সৃষ্টি কৰে। আজি বিয়লি আঢ়ৈ বজাত গ্রন্থমেলাথলীত ‘গল্পগাঁথা” শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠান বিশিষ্ট সাহিত্যিক তথা অসম সাহ...

December 29, 2025 11:37 AM

views 26

অসম গ্রন্থ মেলাত আজি অসমীয়া উপন্যাসত সমাজ বাস্তৱতা : সাম্প্রতিক কথন শীর্ষক আলোচনা অনুষ্ঠিত হ’ব

● অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থ মেলাৰ আজি ষষ্ঠদিন। গ্রন্থমেলাত আজি অসমীয়া উপন্যাসত সমাজ বাস্তৱতা : সাম্প্রতিক কথন শীর্ষক এখন আলোচনা সত্র অনুষ্ঠিত হ'ব। আলোচনা সত্ৰখন উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী আৰু সঞ্চালনা কৰিব অনুৰাধা শৰ্মা পূজাৰীয়ে। আলোচনা সত্ৰখনত বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ বিমল মজুমদাৰ আ...

December 27, 2025 6:27 PM

views 18

অসম গ্রন্থমেলাত আজি যুৱ লেখক সন্মিলন অনুষ্ঠিত হয়

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থমেলাত আজি যুৱ লেখক সন্মিলন অনুষ্ঠিত হয়। লেখক, অনুবাদক তথা জর্জিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰুণি কাশ্যপ নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থকা এই সন্মিলন লেখক তথা জ্যেষ্ঠ জনসংযোগ বিষয়া সমীৰ শান্দিল্যই সঞ্চালনা কৰে। জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ্যৰ আলোচনা সত্ৰত ‘আধুনিকতাবাদ আৰু কবি অজিত বৰুৱা' সন্দৰ্ভত এখন আলোচনা অনুষ্ঠিত হয়। কিছু সময়ৰ পাছত গ্ৰন্থমেলাৰ বাকৰিত...

December 26, 2025 6:08 PM

views 22

অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিন

অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিন। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত পৰহিৰে পৰা অনুষ্ঠিত গ্রন্থমেলাত আজি ‘কবি, গীতিকাৰ কেশৱ মহন্তৰ গীত-কবিতাৰ মাধুৰ্য' শীর্ষক আলোচনাসত্র অনুষ্ঠিত হয়। বিশিষ্ট সংগীত শিল্পী ৰমেন চৌধুৰীয়ে এই অনুষ্ঠান উদ্বোধন কৰে। সাহিত্য সমালোচক তথা নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক অন্দিম বৰকটকীৰ সঞ্চালনাত অনুষ্ঠিত আলোচনাত কবি-সমালোচক তথা গুৱাহাটী বিশ্ববিদ...

December 25, 2025 9:16 PM

views 16

খানাপাৰাৰ অসম গ্ৰন্থমেলাত দ্বিতীয় দিনা কেইবাখনো আলোচনা সত্র অনুষ্ঠিত হয়

অসম গ্ৰন্থমেলাৰ আজি দ্বিতীয় দিন। অসম প্রকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কালিৰে পৰা অসম গ্রন্থমেলা অনুষ্ঠিত হৈছে। গ্রন্থমেলাত আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষৰ লগত সংগতি ৰাখি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী প্রেক্ষাগৃহত ড০ ভূপেন হাজৰিকাৰ গীতত সমকালীনতা শীর্ষক আলোচনা সত্র অনুষ্ঠিত হয়। সত্ৰখন সঞ্চালনা কৰি বিশিষ্ট সাহিত্যিক তথা অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই কয়, যে ...

December 24, 2025 8:10 PM

views 12

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আজিৰে পৰা অসম গ্ৰন্থমেলা

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত আজিৰ পৰা ৬ জানুৱাৰীলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্রন্থমেলা অনুষ্ঠিত হৈছে। গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত ৰাজ্য চৰকাৰে ২০২৫ বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে পালন কৰি গ্ৰন্থ অধ্যয়নক জনপ্ৰিয় কৰাৰ বাবে কেইবাটাও কাৰ্যসূচী হাতত লোৱাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে যুৱ লেখক সন্মান ২০২৫ লাভ কৰা ৰাজ্যৰ ...