May 19, 2025 8:04 PM

views 38

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ ত্ৰিৰংগ যাত্রা অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ ত্ৰিৰংগ যাত্রা অব্যাহত আছে। গোৱালপাৰা পৌৰসভাৰ উদ্যোগত আজি গোৱালপাৰা মহাবিদ্যালয়ৰ পৰা উলিওৱা ত্ৰিৰংগ যাত্ৰাত জিলাখনৰ প্ৰাক্তন সৈনিকসকলৰ লগতে শতাধিক লোকে অংশগ্রহণ কৰে। বৰপেটা জিলাতো আজি নাগৰিক সমাজৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ পৰা ত্ৰিৰংগ যাত্ৰা উলিওৱা হয়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোকে এই ত্ৰিৰংগ যাত্ৰাত অংশ লৈ দেশপ্ৰেমমূলক শ্ল'গান আৰু ধবনি দি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ বীৰ জোৱানসকলৰ পৰাক্ৰমৰ প্ৰতি কৃতজ্ঞতা জনায়। কোকৰাঝাৰ জিলাতো আজি নাগৰিক সমাজে অপাৰেচন ...

April 11, 2025 8:51 PM

views 15

অহা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিৰ ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা ঘোষণা

অহা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিয়ে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা ঘোষণা কৰিছে। ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে প্ৰকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, দলৰ সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পৱিত্ৰ মাৰ্ঘেৰিটাকে ধৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু সাংসদসকলে পঞ্চায়ত নিৰ্বাচনৰ তাৰকা প্ৰচাৰক হিচাপে নির্বাচনী প্ৰচাৰত ভাগ ল'ব।বিজেপিয়ে ইতিমধ্যে দ্বিতীয়খন প্রার্থী তালিকা প্রকাশ কৰিছে। বিজেপিয়ে অগপ, ৰাভ...

February 9, 2025 8:55 PM

views 49

অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত ৩৫খন জিলাৰ নৱনিৰ্বাচিত জিলা সভাপতিসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াই আজি গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত ৩৫খন জিলাৰ নৱনিৰ্বাচিত জিলা সভাপতিসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ৰাষ্ট্ৰীয় নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত সমাগত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ল'বলগীয়া কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰা হয়। ৰাজ্যিক সভাপতি শ্ৰীশ‍ইকীয়াই এই সন্দৰ্ভত জিলা সভাপতিসকলক অৱগত কৰাৰ লগতে যাৱতীয় নীতি-নিৰ্দেশনা প্ৰদান কৰে। বৈঠকৰ পাছত শ্ৰীশ‍ইকীয়াই সংবাদ মাধ্যমৰ আগত কয় যে ২০২৫ চনটোত বিজেপি দলে জয়েৰে যাত্ৰা আৰম্ভ কৰিছে। এই ধাৰা অব্যাহত থাক...

January 1, 2025 3:18 PM

views 42

৯ লাখৰো অধিক লোকে যোৱা বছৰ আধাৰ কাৰ্ড লাভ কৰিছে বুলি মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাৰ প্রকাশ

অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সময়ত বায়ামেট্রিক বন্ধ হৈ যোৱা ৯ লাখৰো অধিক লোকে যোৱা বছৰ আধাৰ কাৰ্ড লাভ কৰিছে বুলি মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। তেওঁ কয়, যে এই পদক্ষেপে লোকসকলক কোনো অসুবিধা নোহোৱাকৈ সকলো ধৰণৰ চৰকাৰী সেৱাৰ সুবিধা লাভ কৰাত সহায় কৰিব। ইয়াৰ বাবে তেওঁ কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰৰ শলাগ লয়।

October 4, 2024 11:04 AM

views 38

ৰাজ্যজুৰি ভাৰতীয় জনতা পাৰ্টীৰ সদস্যভর্তি অভিযান ২০২৪ অব্যাহত

● ৰাজ্যজুৰি ভাৰতীয় জনতা পাৰ্টীৰ সদস্যভর্তি অভিযান ২০২৪ অব্যাহত আছে। ৰাজ্যৰ ৮১টা সমষ্টিত ৪০ হাজাৰতকৈ অধিক সদস্যভর্তি অভিযান বিজেপিয়ে সম্পূৰ্ণ কৰিছে। ৪০ হাজাৰ সদস্য সম্পূৰ্ণ কৰা বিজেপিৰ এই তালিকাত ৬টা সমষ্টি বৰপেটা, নাওবৈচা, গোৱালপাৰা পশ্চিম, মাকুম, টংলা, দেৰগাঁৱত নতুনকৈ অন্তৰ্ভুক্ত হৈছে। অসম প্রদেশ বিজেপিয়ে ৫৫.৬ লাখ নতুন সদস্যভৰ্তিৰে লক্ষ্যত ৯০ শতাংশ অতিক্রম কৰা বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে উল্লেখ কৰিছে ।

October 1, 2024 10:04 AM

views 33

ৰাজ্যত বৰ্তমানলৈ ৫২ লাখ লোকৰ বিজেপিৰ সদস্য ভৰ্তি অভিযানত যোগদানৰ বাবে মুখ্যমন্ত্ৰীৰ সন্তুষ্টি প্ৰকাশ

■ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জনতা পাৰ্টীৰ সদস্য ভৰ্তি অভিযানৰ অধীনত ৰাজ্যত বৰ্তমানলৈ ৫২ লাখ লোকে অনলাইনযোগে বিজেপিত যোগদান কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে। কালি গুৱাহাটীৰ বশিষ্ঠত থকা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অটল বিহাৰী বাজপেয়ী ভৱনত সদস্য ভৰ্তি অভিযানৰ পৰ্যালোচনা কৰি তেওঁ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে সমগ্ৰ দেশতে অব্যাহত থকা সদস্য ভৰ্তি অভিযানৰ অধীনত ৰাজ্যত দেশৰ ভিতৰত ৮৫ শতাংশ সদস্য ভৰ্তিৰ লক্ষ্য প্রাপ্তিৰে বিশেষ নজিৰ স্থাপন কৰিছে। এইক্ষেত্ৰত অসম সমগ্ৰ দেশৰ ভিতৰতে প্ৰথম স্থানত থকা ব...

September 3, 2024 7:04 PM

views 38

বিজেপিৰ সদস্যভৰ্তি অভিযানৰ অধীনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সদস্যপদ নবীকৰণ কৰি অসমতো এই অভিযানৰ আৰম্ভণি কৰে

ভাৰতীয় জনতা পাৰ্টীয়ে দেশজুৰি আৰম্ভ কৰা সদস্যভৰ্তি অভিযানৰ অধীনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি সদস্যপদ নবীকৰণ কৰি অসমত এই অভিযানৰ আৰম্ভণি কৰে। সেই অনুসৰি আজি সাধাৰণ সম্পাদক তথা সদস্যভর্তি অভিযান, ২০২৪-ৰ আহ্বায়ক পল্লৱলোচন দাসৰ তত্বাৱধানত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে দলৰ সভাপতি ভৱেশ কলিতাৰ পৰা সদস্যপদ গ্রহণ কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, মন্ত্ৰী জয়ন্ত মল্লবৰুৱাকে ধৰি ৫ শতাধিক কার্য...

August 20, 2024 8:00 PM

views 28

ৰাজ্যসভাৰ দুখন আসনৰ বাবে ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসক বিজেপিৰ প্রার্থিত্ব প্ৰদান

অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাসক বিজেপিয়ে প্রার্থিত্ব প্ৰদান কৰিছে। কাইলৈ ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন। এইপর্যন্ত বিৰোধী দলে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই। উল্লেখযোগ্য যে আজি এই সন্দৰ্ভত আলোচনাৰ বাবে নতুন দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ পাছত ৰাজ্যিক বিজেপিৰ সভাপতিগ...

August 13, 2024 1:24 PM

views 28

কইনাধৰা ৰাজ্যিক অতিথিশালাত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

● অসমত ৰাজ্যসভাৰ দুখনকৈ আসন খালী হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাত কালি ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, প্রভাৰী হৰিশ দ্বিবেদীকে ধৰি নির্বাচনী সমিতিৰ অন্যান্য সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত এই আসন দুখন সন্দৰ্ভত আলোচনা কৰা হয় ৷ আলোচনাৰ অন্তত ৰাজ্যিক সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্য সভাৰ দুয়োখন আসনৰ বাবে ১০ গ...