May 14, 2025 11:26 AM

views 16

গুৱাহাটীৰ আদাবাৰীৰ অটল উদ্যানৰ পৰা কামাখ্যা মন্দিৰৰ নামনিলৈ অসম প্ৰদেশ বিজেপিৰ ত্ৰিৰংগা যাত্ৰা, উদ্ৱোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত সশস্ত্র বাহিনীৰ বীৰত্বক উদযাপনৰ উদ্দেশ্যে ৰাষ্ট্ৰজুৰি ১১ দিনীয়া শৌর্য সন্মান যাত্রা শীৰ্ষক ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰা হৈছে। অসমৰ ভিন ভিন ঠাইত কালি ছাত্ৰ-ছাত্ৰীকে ধৰি বিভিন্ন শ্ৰেণীৰ ৰাইজে স্বতঃস্ফূর্তভাৱে শোভাযাত্ৰা উলিয়ায়। অসম প্রদেশ বিজেপিয়ে আজি বিয়লি আদাবাৰীৰ অটল উদ্যানৰ পৰা কামাখ্যা মন্দিৰৰ নামনিলৈ ত্ৰিৰংগা যাত্ৰা আৰম্ভ কৰিব। বিজেপিৰ নেতা-কৰ্মীৰ উপস্থিতিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই যাত্ৰাৰ শুভাৰম্ভ কৰিব। ৰাজ্যখনত কাইলৈ আৰু পৰহিলৈ জিলা পৰ্যায়ত আ...