January 14, 2026 1:34 PM

views 14

ৰাজ্যত ব্যাপক উছাহ-উদ্দীপনাৰে ভোগৰ উৎসৱ ভোগালী বিহু পালন

সমগ্ৰ ৰাজ্যতে আজি ব্যাপক উছাহ-উদ্দীপনাৰে ভোগৰ উৎসৱ ভোগালী বিহু পালন কৰা হৈছে। উৰুকাৰ নিশা প্রীতি ভোজ-ভাতৰ পাছত আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি আশিস লৈছে। ইয়াৰ পাছত অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি জ্যেষ্ঠজনক সেৱা কৰাৰ লগতে কণিষ্ঠজনে আশীর্বাদ লৈছে। ভোগালী বিহু উদযাপনৰ লগত সংগতি ৰাখি নামঘৰ আৰু সত্ৰসমূহতো নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্রান্তত ভোগালী বিহু উপলক্ষে কণীযুঁজৰ লগতে কণ-কণ ল'ৰা-ছোৱালী, মহিলা আৰু বয়োজ্যেষ্ঠ সকলৰ মাজত বিভিন্ন পৰম্পৰাগত খেল-ধেমালিৰ আয়োজন কৰা হৈছে। সম্প্রী...

May 6, 2025 8:54 AM

views 19

ঢকুৱাখনাৰ মহঘূলি চাপৰিত ৯ মে’ৰ পৰা ৩ দিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন

■ লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহঘূলি চাপৰিৰ মনোমোহা প্রাকৃতিক পৰিৱেশত অহা ৯ মে'ৰ পৰা তিনি দিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন কৰা হ'ব। ৯ মে'ৰ পুৱা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শ‍ইকীয়াই পতাকা উত্তোলনেৰে বিহু পালনৰ শুভাৰম্ভ কৰিব। দিনৰভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা ম'হঘূলি চাপৰিলৈ আদৰণি জনোৱা হ'ব। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দ্বিতীয়া দিনা কপৌ ফুল আৰু গছপুলি ৰোপণ, গামোচা প্ৰতিযোগিতা, পূৰ্ণ বয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰেকীয়া মুখপত্ৰ বি...

April 17, 2025 10:45 AM

views 35

সাদিনীয়া ৰঙালী বিহুৰ চতুৰ্থ দিনটো তাঁতৰ বিহু হিচাপে পালন

ৰাজ্যজুৰি ৰঙালীৰ উছাহ অব্যাহত আছে। অসমবাসীয়ে আজি সাদিনীয়া ৰঙালী বিহুৰ চতুৰ্থ দিনটো তাঁতৰ বিহু হিচাপে পালন কৰিব। ৰঙালী বিহুৰ পৰম্পৰা অনুসৰি সাত বিহুৰ অন্যতম হ'ল তাঁতৰ বিহু। অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ তাঁতশালৰ গুৰুত্বক অনুধাৱনেৰে ৰঙালী বিহুৰ চতুৰ্থ দিনা তাঁতৰ বিহু পালন কৰি অহা হৈছে। কাইলৈ নাঙল বিহু, পৰহিলৈ জীয়ৰী বা চেনেহী বিহু আৰু দেওবাৰে চেৰাবিহু পালন কৰা হ'ব। অৱশ্যে, ঠাই বিশেষে সাদিনীয়া বিহুৰ প্ৰতিটো দিনৰে নামৰ ক্ষেত্ৰত কিছু বৈসাদৃশ্য আছে। সাদিনীয়া বিহুৰ শেষৰটো দিনত বিভিন্ন অঞ্চলত বিহু ভঙা ...

April 12, 2025 12:57 PM

views 25

হেঁপাহৰ ৰঙালী বিহুলৈ ৰাজ্যজুৰি জনসাধাৰণৰ মনত উৎসাহ- উদ্দীপনা বিৰাজ

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত দুটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণৰ মনত উৎসাহ- উদ্দীপনাই বিৰাজ কৰিছে। প্ৰতিকূল সময়ৰ প্ৰত্যাহ্বান নেওচি অসমীয়াই বছৰি হেঁপাহৰ উৎসৱটি পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰি আহিছে। এইবাৰো চৌদিশে পঞ্চায়ত নিৰ্বাচনৰ ব্যস্ততাৰ মাজতো অসমবাসীৰ বিহুৰ উৎসাহ অটুট আছে। উজনিৰ পৰা নামনিলৈ বিহুৰ আখৰা কৰা ডেকাৰ ঢোলৰ গুমগুমনি আৰু নাচনীৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীত বিহুৰ প্ৰস্তুতি অব্যাহত থকাৰ লগতে অসমীয়া নৱবৰ্ষৰ বাবে নতুন সাজ-পাৰ ক্ৰয় কৰি আপোনজনক উপহ...

April 7, 2025 11:18 AM

views 20

ৰঙালী বিহুক লৈ ৰাজ্যত উখল-মাখল পৰিৱেশ, ভিন্ন প্ৰান্তত বিহুনাচ-ঢোলবাদনৰ কৰ্মশালা

ৰঙালী বিহুলৈ এসপ্তাহ বাকী থকা অৱস্থাত উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ প্ৰান্তে প্রান্তে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। এইবেলিও পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে অসমবাসীয়ে উৎসাহ-উদ্দীপনা বজাই ৰাখি বিহু পালন কৰিব। গ্রামাঞ্চলত জীয়ৰী-বোৱাৰীয়ে হেঁপাহৰ বিহুৱান বৈ-কাটি উলিয়াইছে। প্রযুক্তিয়ে পৰিৱৰ্তন সাধন কৰাৰ সময়তো গ্ৰামাঞ্চলৰ বহু ঠাইত ঢেঁকীৰ শব্দ শুনা গৈছে। মহিলাসকলে বিহুৰ সময়ছোৱাত অতিথি আপ্যায়নৰ বাবে পিঠা-পনা, জা-জলপান যতনাই থোৱাৰ বাবে ঢেঁকীশালত ব্যস্ত হৈ পৰিছে। ইয়াৰ বিপৰীতে ঢুলীয়া-নাচনীসকলৰ বিহু...

April 6, 2025 8:22 PM

views 30

ৰাজ্যৰ প্ৰান্তে প্রান্তে বিহুৰ প্ৰস্তুতিৰ বাবে কৰ্মশালা, আখৰা অনুষ্ঠান

বসন্তৰ আগমনত চৌদিশ সতেজ হৈ উঠাৰ সময়তে অসমীয়াই পৰম্পৰাগত ৰীতি-নীতিৰে প্ৰাণৰ আপোন ৰঙালী বিহু পালনৰ বাবে সাজু হৈছে। উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ প্ৰান্তে প্রান্তে বাপতিসাহোন বিহু উপলক্ষে উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। এইবেলিও পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে অসমবাসীয়ে উৎসাহ-উদ্দীপনা বজাই ৰাখি বিহু পালন কৰিব। গ্রামাঞ্চলত জীয়ৰী-বোৱাৰীয়ে হেঁপাহৰ বিহুৱান বৈ-কাটি উলিয়াইছে। প্রযুক্তিয়ে পৰিৱৰ্তন সাধন কৰাৰ সময়তো গ্ৰামাঞ্চলৰ বহু ঠাইত ঢেঁকীৰ শব্দ শুনা গৈছে। মহিলাসকলে বিহুৰ সময়ছোৱাত অতিথি আপ্যায়নৰ বা...

May 11, 2024 7:59 PM

views 20

ঢকুৱাখনাৰ ম’হঘূলি চাপৰিত কালিৰে পৰা ৩দিনীয়াকৈ ফাট বিহুৰ অনুষ্ঠিত

ঢকুৱাখনাৰ চাৰিকড়িয়া নৈ পাৰত অৱস্থিত ম’হঘূলি চাপৰিত কালিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত ফাট বিহুৰ আজি দ্বিতীয় দিনাও বিহুতলিত উখল মাখল পৰিবেশে বিৰাজ কৰে। ঢোল, পেঁপা, গগনাৰ মাতেৰে ফাট বিহুতলি মুখৰ হৈ উঠিছে। সমন্বয়ৰ বাৰ্তা কঢ়িয়াই অনা এই বিহুৰ আজি দ্বিতীয় দিনা বর্ণিল কার্যসূচী ৰূপায়ণ কৰা হয়। কপৌ ফুল আৰু গছপুলি ৰোপণেৰে আজি ফাট বিহুৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পিছতে গামোচা প্ৰতিযোগিতা, হুচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয়। তদুপৰি ফাট বিহুৰ বছৰেকীয়া স্মৰণিকা বিহুৱান আজি উন্মোচন কৰা হয়।...