March 21, 2025 7:44 PM March 21, 2025 7:44 PM
17
ৰাজ্যত কৰ্কট ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ বাবে অহৰহ প্ৰচেষ্টা চলোৱা হৈছে বুলি অসম বিধানসভাত অশোক সিংহলৰ প্ৰকাশ
বিশ্বৰ ভিন ভিন প্ৰান্তৰ লগতে অসমতো কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ দিনক দিনে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনৰ অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু টাটা ট্ৰাষ্টৰ সহযোগত এই ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ বাবে অহৰহ প্ৰচেষ্টা চলোৱা হৈছে। বিধানসভাত আজি এইকথা প্ৰকাশ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে কয়, যে ৰাজ্যখনত আজি পর্যন্ত ২ হাজাৰ ৬২১ গৰাকী কৰ্কট ৰোগী চিনাক্ত কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে তামোল পাণ, ধঁপাত, অত্যাধিক মদ্যপান, অত্...