November 25, 2024 12:07 PM November 25, 2024 12:07 PM

views 3

অসম বিধানসভাৰ ফেব্ৰুৱাৰীত হ’বলগীয়া অধিৱেশনৰ এটা দিনৰ কাৰ্যক্ৰমণিকা কোকৰাঝাৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

অহা ফেব্ৰুৱাৰীত হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনৰ এটা দিনৰ কাৰ্যক্ৰমণিকা কোকৰাঝাৰত অনুষ্ঠিত কৰাৰ বিষয়ে ৰাজ্য চৰকাৰে চিন্তা চৰ্চা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰত এখন সংবাদমেল সম্বোধন কৰি কয়, যে ৰাজ্যপালৰ অভিভাষণ বা বিত্তমন্ত্ৰীৰ বাজেট ভাষণ কোকৰাঝাৰত অনুষ্ঠিত কৰা হ'ব। বি টি আৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব বুলি উল্লেখ কৰি তেওঁ কয়, যে জিলাখনত বিধানসভা অধিৱেশনৰ এদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিব পাৰিলে বিধানসভাৰ অধ্যক্ষৰ লগতে বি টি আৰবাসীৰ বহুদিনীয়া ...