January 10, 2025 8:44 PM January 10, 2025 8:44 PM

views 5

অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন, কোকৰাঝাৰত প্ৰথম দিনৰ কাৰ্যসূচী

অসম বিধানসভাৰ বাজেট অধিৱেশন ১৭ ফেব্ৰুৱাৰীত আৰম্ভ হ’ব। অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী কোকৰাঝাৰৰ বি টি চি বিধায়িনী পৰিষদ ভৱনত অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি এই সম্পৰ্কত আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছে। বাজেট অধিৱেশনৰ প্ৰথম দিনাই ৰাজ্যপাল আচাৰ্যই সদনত ভাষণ দিব। বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেট উত্থাপন, বাজেট বিতর্ককে ধৰি অধিৱেশনৰ পৰৱৰ্তী দিনকেইটাৰ কাৰ্যসূচী দিছপুৰৰ অসম বিধানসভা ভৱনতে অনুষ্ঠিত হ'ব।