August 29, 2024 9:23 PM

views 21

অসম বিধানসভাত মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন বিধেয়ক-২০২৪ গৃহীত

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি চতুর্থ দিনটোত মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন বিধেয়ক-২০২৪ গৃহীত কৰা হয়। মন্ত্ৰী যোগেন মহনৰ দ্বাৰা উত্থাপিত বিধেয়কখন ধ্বনিভোটত গৃহীত হয়। এই বিধেয়কৰ অধীনত বাল্যবিবাহ অপৰাধ হিচাপে গণ্য কৰা হ'ব। ইয়াৰ লগতে এই বিধেয়কৰ জৰিয়তে কাজিয়ে ইছলামধৰ্মী বিয়াৰ পঞ্জীয়ন কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নতুন আইনমতে চৰকাৰী কাৰ্যালয়ত ইছলামধৰ্মী লোকসকলে বিবাহৰ পঞ্জীয়ন কৰিব পাৰিব। বিবাহৰ বাবে ছোৱালীৰ ১৮ বছৰ তথা ল'ৰাৰ ২১ বছৰ বয়সৰ সীমা উলংঘন কৰিব নোৱাৰিব...