August 26, 2024 9:02 PM

views 29

কাইলৈ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী কাইলৈ অনুষ্ঠিত হ'ব। কাইলৈ সংকল্প প্ৰস্তাৱ আৰু আন কেইবাখনো বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে। আনহাতে পৰহিলৈ পৰিপূৰক মঞ্জুৰিৰ বাবে দাবীসমূহৰ ওপৰত আলোচনা আৰু ভোটদান হ'ব। উল্লেখযোগ্য যে যোৱা ২২ আগষ্টত বিধানসভাৰ শৰৎকালীন অধিৱেশন অনুষ্ঠিত হয়। অৱশ্যে এইকেইদিন বন্ধ থকাৰ পাছত পুনৰ কাইলৈৰ পৰা বিধানসভা অধিৱেশনৰ কাম-কাজ আৰম্ভ হ'ব। ৩০ আগষ্টলৈ এই অধিবেশন চলিব।