November 29, 2025 1:15 PM

views 63

অসম বিধানসভাত চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ প্ৰদান সম্পৰ্কীয় বিধেয়ক গৃহীত

অসমৰ ২০০ বছৰীয়া চাহ উদ্যোগৰ ইতিহাসত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰি কালি অসম বিধানসভাত চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ প্ৰদান সম্পৰ্কীয় এখন বিধেয়ক গৃহীত হয়। ভূমিৰ উৰ্ধসীমা নিৰ্ধাৰণ আৰু স্বত্বপ্রদান সংশোধনী বিধেয়ক ২০২৫ শীর্ষক এই বিধেয়কৰ জৰিয়তে বাগিচাৰ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ ফলত ৩ লাখ ৩৩ হাজাৰৰো অধিক ভূমি স্বত্বহীন চাহ বাগিচাৰ শ্রমিকে ভূমি অধিকাৰ লাভ কৰিব। অৱশ্যে এই বিধেয়কত জলহা চাহ বাগিচাৰ শ্ৰমিকসকলক অন্তৰ্ভুক্ত কৰা হোৱা নাই। ইয়াৰ লগতে এই সংশোধনী বিধেয়ক...