March 4, 2025 1:26 PM

views 31

অসম বিধানসভাৰ বাজেট অধিবেশনত বিৰোধী ৫ বিধায়কক সদনৰ পৰা বহিষ্কাৰ

■ অসম বিধানসভাত আজি বিত্তীয় বিধেয়ককে ধৰি অন্যান্য বিষয়ত আলোচনা অনুষ্ঠিত হৈছে। এই বিষয়ত সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ আব্দুল কালাম ৰছিদ আলম, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ আৰু এ আই ইউ ডি এফৰ আশ্রাফুল হকক সদনৰ পৰা বহিষ্কাৰ কৰা হয়। প্রশ্নোত্তৰ কালৰ পাছত কংগ্ৰেছ আৰু এ আই ইউ ডি এফে মন্ত্রী অশোক সিংহলে সদনৰ বাহিৰত এটা বিশেষ জনগোষ্ঠীক লৈ আপত্তিজনক মন্তব্য কৰাক লৈ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ ফলত সদনৰ কাৰ্যক্ৰমণিকা কিছু সময়ৰ বাবে স্থগিত...

February 19, 2025 3:35 PM

views 25

অসম বিধানসভাৰ বাজেট অধিবেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী হুলস্থুলীয়া পৰিবেশৰ মাজত আৰম্ভ

অসম বিধানসভাৰ বাজেট অধিবেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী হুলস্থলীয়া পৰিবেশৰ মাজত আৰম্ভ হয়। শূন্যকালত বিৰোধী পক্ষই কয়লা ছিণ্ডীকেট, অসম চুক্তিৰ ৬ নম্বৰ দফা, দিটেনছন কেন্দ্ৰক সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰে আৰু বিষয়কেইটা সন্দৰ্ভত আলোচনাৰ দাবী জনাই সদনৰ মজিয়ালৈ উঠি গৈ ধৰ্ণা দিবলৈ ধৰে। ইয়াৰ বিপৰীতে শাসকীয় পক্ষৰ সদস্যসকলেও অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰী সম্পৰ্কে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদনক লৈ আলোচনাৰ দাবীত ধর্ণা দিয়ে। এ নে হুলস্থলীয়া পৰিস্থিতিৰ বাবে অধ্যক্ষই ত...

August 27, 2024 7:06 PM

views 31

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত দা আছাম ৰাইট টু পাব্লিক ছাৰ্ভিচেছ (এমেওমেণ্ট) অধ্যাদেশ দাখিল

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা দা আছাম ৰাইট টু পাব্লিক ছাৰ্ভিচেছ (এমেওমেণ্ট) অধ্যাদেশ দাখিল কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী পীযূষ হাজৰিকাই বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মৰ অধীনত অধ্যাদেশখন দাখিল কৰে।

August 22, 2024 7:24 PM

views 24

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনত আজি সদনত মুঠ ১০খন বিধেয়ক উত্থাপন

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ আজি প্ৰথম দিনা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হৈ সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই দি আছাম শ্বিডিউল কাষ্ট এণ্ড শ্বিডিউল ট্রাইব্‌ছ (ৰিজাৰ্ভেচন অফ ভেকেন্সিছ ইন ছার্ভিচেছ এণ্ড পোষ্ট) সংশোধন বিধেয়ক, ২০২৪ সদনৰ অনুমতি সাপেক্ষে উত্থাপন কৰে । সদনত আজি মুঠ ১০খন বিধেয়ক উত্থাপন কৰা হয়। মন্ত্ৰী শ্ৰীহাজৰিকাই মুখ্যমন্ত্ৰীৰ হৈ সদনৰ অনুমতি সাপেক্ষে অসম চৰকাৰী ভাষা সংশোধন বিধেয়ক, ২০২৪খনো উত্থাপন কৰে। ৰাজহ মন্ত্ৰী যোগেন মহনে আজি তিনিখন বিধেয়ক উত্থাপন কৰে। ইয়...

August 21, 2024 8:59 PM

views 32

কাইলৈৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। ৩০ আগষ্টলৈ চলিবলগীয়া এই অধিৱেশনৰ কাইলৈ প্ৰথম দিনা শৰৎকালীন অধিৱেশনৰ কাৰ্যসূচী স্থিৰ কৰা হ'ব। এই অধিৱেশনত ৰাজহ বিভাগৰ দুখন বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে। তদুপৰি, ২০২৪-২৫ বৰ্ষৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবী উত্থাপন তথা চৰকাৰী বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। ২৭ আগষ্টত সংকল্প প্ৰস্তাৱ আৰু আন কেইখনমান বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে। ২৮ আগষ্টত পৰিপূৰক মঞ্জুৰিৰ বাবে দাবীসমূহৰ ওপৰত আলোচনা আৰু ভোটদান হ'ব বুলি জানিব পৰা গৈছে। এইবাৰৰ অধিৱেশনত ...