January 11, 2025 1:35 PM

views 15

অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন

অসম বিধানসভাৰ বাজেট অধিৱেশন অহা ১৭ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী কোকৰাঝাৰৰ বি টি চি বিধায়িনী পৰিষদ ভৱনত অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কালি এই সন্দৰ্ভত আনুষ্ঠানিক অধিসূচনা জাৰি কৰে। বাজেট অধিৱেশনৰ প্ৰথম দিনাই ৰাজ্যপাল আচাৰ্যই সদনত ভাষণ দিব। বিত্ত মন্ত্রী অজন্তা নেওগৰ বাজেট উত্থাপন, বাজেট বিতর্ককে ধৰি অধিৱেশনৰ পৰৱৰ্তী দিনকেইটাৰ কাৰ্যসূচী দিছপুৰৰ অসম বিধানসভা ভৱনতে অনুষ্ঠিত হ'ব। নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি নিখিল বড়োৱে বি টি চিত হ'বলগীয়া বাজেট অধিৱেশনৰ প্...