November 30, 2025 11:10 AM

views 25

৩৩ খন ন-পুৰণি বিধেয়ক গৃহীতৰে পঞ্চদশ অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ সামৰণি

পঞ্চদশ অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ কালি সামৰণি পৰে। এই অধিবেশনত ন-পুৰণি মুঠ ৩৩ খন বিধেয়ক গৃহীত হয়। কালি অন্তিম দিনা শিক্ষা বিভাগৰ ৬ খন বিধেয়ককে ধৰি মুঠ ১১ খন বিধেয়ক গৃহীত হয়। ইয়াৰ ভিতৰত শিক্ষক-শিক্ষয়িত্ৰীৰ সেৱা প্ৰাদেশিকীকৰণ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ পুনৰ গঠন সংশোধনী বিধেয়ক ২০২৫, অসম বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানৰ মাচুল নিয়ন্ত্রণ সংশোধনী বিধেয়ক ২০২৫ আৰু শিক্ষকৰ নিয়োগ আৰু বদলিকৰণ বিধেয়কো আছে। এই সন্দৰ্ভত শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে কয়, যে ৰাজ্যৰ অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানসমূহত কৰ...