November 30, 2025 11:17 AM

views 21

ৰাজ্যত ২০১৯ চনৰ পৰা বৰ্তমানলৈকে ৪৩০ জন চৰকাৰী বিষয়া কৰ্মচাৰীক দুর্নীতি নিবাৰণ আইনৰ অধীনত গ্ৰেপ্তাৰ

ৰাজ্যত ২০১৯ চনৰ পৰা বৰ্তমানলৈকে ৪৩০ জন চৰকাৰী বিষয়া কৰ্মচাৰীক দুর্নীতি নিবাৰণ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে ভিতৰত অসম আৰক্ষীৰ তদাৰকী আৰু দুর্নীতি নিবাৰণী শাখাই ৩০২ জনক, মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ শাখাই ৮৮ জনক আৰু আৰক্ষীয়ে ৪০ জন বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে। অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ কালি অন্তিম দিনা বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা সদৰি কৰে। তেওঁ কয়, যে গ্ৰেপ্তাৰ হোৱা বিষয়া-কৰ্মচাৰীৰ বিচাৰ প্ৰক্ৰিয়া আদালতত চলি আছে যদিও এত...

November 27, 2025 1:19 PM

views 39

ৰাজ্যৰ বান সমস্যা ৭০ শতাংশ সমাধান হৈছে: পীযূষ হাজৰিকা

● ৰাজ্যৰ বান সমস্যা ৭০ শতাংশ সমাধান হৈছে বুলি জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই কালি বিধানসভাৰ শীতকালীন অধিবেশনত তথ্য প্রকাশ কৰে। বিগত চাৰে চাৰি বছৰত ৰাজ্যত নতুনকৈ ১,১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে কালিৰ প্রশ্নোত্তৰ ঘণ্টাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত উল্লেখ কৰে। ৰাজ্য চৰকাৰে ১,১৫০ কিলোমিটাৰ মথাউৰি নথকা অঞ্চল চিনাক্ত কৰিছিল আৰু ইয়াৰে ৯৫০ কিলোমিটাৰ মথাউৰি ৰাজ্য চৰকাৰে নতুনকৈ নিৰ্মাণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে বাকী থকা মথাউৰি নিৰ্মাণৰ কামৰ...

November 25, 2025 1:15 PM

views 42

অসম বিধানসভাৰ শীতকালীন অধিৱেশনত ২৭ খন বিধেয়ক উত্থাপনৰ বাবে তালিকাভুক্ত

■ অসম বিধানসভাৰ শীতকালীন অধিৱেশন আজি আৰম্ভ হৈছে। চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি এইবাৰৰ অধিৱেশনত ২৭ খন বিধেয়ক উত্থাপনৰ বাবে তালিকাভুক্ত কৰা হৈছে। আজি সদনত ১১ খন বিধেয়ক উত্থাপন হ'ব। ইয়াৰে তিনিখন নতুন আৰু ৮ খন সংশোধনী বিধেয়ক। প্রশ্নোত্তৰ শিতানেৰে সদনৰ দিনটোৰ কামকাজ আৰম্ভ হয়। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগ উত্থাপন কৰি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে এছ আই টিৰ তদন্ত সন্দৰ্ভত সৰব হৈ পৰে। সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগ উল্লেখ কৰি কয়, যে জুবিনৰ আদৰ্শৰ অপব্যাখ্যা কৰা হৈছ...

March 22, 2025 12:14 PM

views 28

বিধানসভাত ৰূপজ্যোতি কুৰ্মীৰ অশোভনীয় আচৰণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্রতিক্রিয়া

মৰিয়ণিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কালি অসম বিধানসভাত লোকনিৰ্মাণ বিভাগৰ কৰ্তন প্ৰস্তাৱ সন্দৰ্ভত অনুষ্ঠিত আলোচনাৰ সময়ত বিধায়ক অখিল গগৈ আৰু বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে অশোভনীয় আচৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মৰিয়নি থানা চাৰিআলি, হেমলাই, চেলেংহাট, নকছাৰী আদিকে ধৰি বিধায়কগৰাকীৰ নিজা সমষ্টিৰ বিভিন্ন স্থানত কৃষক মুক্তি সংগ্রম সমিতিৰ লোকসকলে শ্ৰী কুৰ্মীৰ এনে আঁচৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰ জিলাৰ দৌলমুখ চাৰিআলিত ৰাইজৰ দলৰ সদস্যসক...

March 11, 2025 8:31 PM

views 29

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত জিলা পৰিষদ পৰ্যায়ত ৫৯৪টা আৰু উন্নয়ন খণ্ড পৰ্যায়ত ২,৭১০টা পদ খালী হৈ আছেঃ ৰণজিৎ কুমাৰ দাস

ৰাজ্যত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত জিলা পৰিষদ পৰ্যায়ত ৫৯৪টা আৰু উন্নয়ন খণ্ড পৰ্যায়ত ২,৭১০টা পদ খালী হৈ আছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বিধানসভাত বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে খালী হৈ থকা পদসমূহ প্ৰয়োজন সাপেক্ষে পূৰণ কৰাৰ লগতে পর্যায়ক্রমে পদোন্নতিৰ ব্যৱস্থা কৰা হ'ব। বিভাগটোৰ অধীনত বৰ্তমান ৭,৫৮৭ জন ঠিকাভিত্তিক কৰ্মচাৰী বিভিন্ন পৰ্যায়ত কৰ্মৰত হৈ আছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

February 21, 2025 6:44 PM

views 24

দুবাৰকৈ স্থগিত অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা দুবাৰকৈ স্থগিত ৰাখিবলগীয়া হয়। পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ বিধায়কসকলে এই ঘটনা সন্দৰ্ভত সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই ঘটনাৰ বিষয়ত পৰৱৰ্তী সময়ত আলোচনা কৰা হ'ব বুলি উল্লেখ কৰি সদনৰ কাম-কাজ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ বিৰোধী সদস্যসকলক আহ্বান জনায়। বিৰোধী সদস্যসকলে এই ঘটনাৰ সৈতে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয় জ...