September 10, 2024 9:16 PM

views 26

জ্যেষ্ঠ শিল্পীলৈ আর্থিক সাহায্য আঁচনিৰ বাবে ৬০ বছৰ ঊৰ্ধ্বৰ শিল্পীৰ পৰা দেশৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ আবেদনপত্ৰ আহ্বান

দেশৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা জ্যেষ্ঠ শিল্পীসকললৈ আর্থিক সাহায্য আঁচনিৰ অধীনত ৬০ বছৰ ঊৰ্ধ্বৰ শিল্পীসকলৰ পৰা আবেদনপত্ৰ বিচৰা হৈছে। ৰাজ্যিক, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক অথবা দুৰদৰ্শন, আকাশবাণীৰ স্বীকৃতিপ্রাপ্ত শিল্পীসকলে এই আঁচনিৰ বাবে আবেদন দাখিল কৰিব পাৰিব। আবেদনকাৰীৰ আয় প্ৰতিমাহে চাৰি হাজাৰ টকা অথবা বছৰত ৪৮ হাজাৰ টকাৰ অধিক হ'ব নোৱাৰিব। ইছ্যুক শিল্পীসকলে www.indiaculture.nic.in ৱেবছাইট যোগে আবেদন দাখিল কৰিব পাৰিব। ৰাজ্য চৰকাৰ অথবা সংশ্লিষ্ট মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ অনুমোদন নোহোৱা আৰু অসম...