November 28, 2024 6:21 PM November 28, 2024 6:21 PM

views 17

কৃষিখণ্ডৰ সৰ্বাংগীন উত্তৰণৰ হকে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ বিভিন্ন পদক্ষেপ

কৃষিখণ্ডৰ সৰ্বাংগীন উত্তৰণৰ হকে ৰাজ্য চৰকাৰে কৃষি বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। খাৰিফ বিপণন ঋতু ২০২৪-২৫ বৰ্ষত প্ৰতি কুইণ্টলত ন্যূনতম সমর্থিত মূল্য ২,৩০০ টকাত কৃষকৰ পৰা ধান ক্ৰয়ৰ ব্যৱস্থা কৰা হৈছে। ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত ধান ক্ৰয়ৰ ব্যৱস্থা আৰম্ভ হ'ব। এই ব্যৱস্থাৰ জৰিয়তে উপকৃত হ'বলৈ কৃষকসকলক জিলা কৃষি বিষয়া অথবা কৃষি উন্নয়ন বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈ কৃষি মন্ত্ৰী অতুল বৰাই আহ্বান জনাইছে।

October 7, 2024 11:41 AM October 7, 2024 11:41 AM

views 16

কলাক্ষেত্ৰত কৃষি যন্ত্রপাতি, ভূমি স্বাস্থ্য-পত্ৰ বিতৰণ, কৃষি জ্ঞান কেন্দ্ৰ মুকলি অনুষ্ঠানৰ আয়োজন ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে আজি কৃষি যন্ত্রপাতি আৰু ভূমি স্বাস্থ্য-পত্ৰ বিতৰণৰ লগতে কৃষি জ্ঞান কেন্দ্ৰ মুকলি অনুষ্ঠানৰ আয়োজন কৰিছে। গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কৃষিমন্ত্রী অতুল বৰা উপস্থিত থাকিব। এই অনুষ্ঠানত কৃষি যান্ত্ৰিকীকৰণৰ উপ অভিযানৰ অধীনত ২৫০টা কৃষক গোটৰ লগতে দুহেজাৰ ৪৯০ গৰাকী কৃষকলৈ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, কঠীয়া ৰোপণ যন্ত্ৰকে ধৰি বিভিন্ন যন্ত্রপাতি বিতৰণৰ শুভাৰম্ভ কৰা হ'ব। অনুষ্ঠানত কৃষকৰ মাজত চাৰি লাখতকৈও অধিক সংখ...

October 6, 2024 8:42 PM October 6, 2024 8:42 PM

views 21

কাইলৈ গুৱাহাটীত কৃষি যন্ত্রপাতি আৰু ভূমি স্বাস্থ্য-পত্ৰ বিতৰণৰ লগতে কৃষি জ্ঞান কেন্দ্ৰ মুকলি অনুষ্ঠান

ৰাজ্য চৰকাৰে কাইলৈ কৃষি যন্ত্রপাতি আৰু ভূমি স্বাস্থ্য-পত্ৰ বিতৰণৰ লগতে কৃষি জ্ঞান কেন্দ্ৰ মুকলি অনুষ্ঠানৰ আয়োজন কৰিছে। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কাইলৈ হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত থাকিব। এই অনুষ্ঠানত কৃষি যান্ত্ৰিকীকৰণৰ উপ অভিযানৰ অধীনত ২৫০টা কৃষক গোটৰ লগতে ২,৪৯০ গৰাকী কৃষকলৈ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, কঠীয়া ৰোপণ যন্ত্ৰকে ধৰি বিভিন্ন যন্ত্রপাতি মুকলি কৰা হ'ব। কৃষকৰ মাজত চাৰি লাখতকৈও অধিক সংখ্যক ভূমি স্বাস্থ্য...

September 28, 2024 6:17 PM September 28, 2024 6:17 PM

views 14

কৃষকসকলৰ শস্য জমা কৰাত সুবিধা প্ৰদানৰ লগতে বিত্তীয় সাহায্য প্ৰদানৰ বাবে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

অসম চৰকাৰে কৃষকসকলক তেওঁলোকৰ শস্য জমা কৰাত সুবিধা প্ৰদানৰ লগতে বিত্তীয় সাহায্য প্ৰদানৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ৱেৰহাউচ ৰিছিপ্ত ফাইনেন্সিং শীৰ্ষক এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলে দুটাকৈ সুবিধা লাভ কৰিব। কৃষি উৎপাদিত সামগ্ৰীসমূহৰ সঠিক সংৰক্ষণ আৰু সংৰক্ষিত সামগ্ৰীৰ মূল্যৰ বিপৰীতে ঋণ প্রদান কৰা হ’ব। ইতিমধ্যে কৃষকসকলক ১২ লাখ ৬০ হাজাৰ টকাৰ ঋণ এই আঁচনিৰ অধীনত প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে। ইয়াৰ সহায়ত কৃষকসকলে শস্য জমা কৰাৰ বাবে আধুনিক গুদামঘৰ লাভ কৰাৰ উপৰি কৃষকসকলক উন্...

September 16, 2024 5:57 PM September 16, 2024 5:57 PM

views 19

তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত বোকাখাটত মন্ত্ৰী অতুল বৰাৰ পর্যালোচনা বৈঠক

বিধানসভা সমষ্টি ভিত্তিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাটত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। নাৰী সৱলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা এই অভিলাসী আঁচনিখন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অহা ১৯ চেপ্তেম্বৰত গুৱাহাটীৰ পৰা কেন্দ্ৰীয়ভাৱে মুকলি কৰিব। মন্ত্ৰী শ্ৰীবৰাই বোকাখাটত অনুষ্ঠানটিত অংশগ্রহণ কৰিবলগীয়া ৰাইজৰ সা-সুবিধাৰ যাৱতীয় ব্যৱস্থা কৰিবৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। পর্যালোচনা বৈঠকত জিলাখন...

September 11, 2024 1:26 PM September 11, 2024 1:26 PM

views 23

শিৱসাগৰত কৃষকসকলৰ আয় বৃদ্ধিৰ উদ্দেশ্যে কম খৰচী পলি হাউছ কৃষি ব্যৱস্থাৰ সম্প্ৰসাৰণ

শিৱসাগৰ জিলাৰ কৃষকসকলৰ আয় বৃদ্ধিৰ উদ্দেশ্যে উচ্চ মূল্যৰ শস্যৰ খেতিৰ বাবে জিলাখনত কম খৰচী পলি হাউছ কৃষি ব্যৱস্থাৰ সম্প্ৰসাৰণ কৰা হৈছে। জিনা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে কালি আমগুৰিত এই পদ্ধতিবে কৃষি কৰ্ম আৰম্ভ কৰা এটা পলি হাউছত পুলি ৰোপণ কৰি কৃষি কৰ্মৰ শুভাবম্ভ কবে। জিলাখনত কৃষি বিভাগৰ উদ্যোগত ৫৫ টা পলি হাউছ নিৰ্মাণ কৰা হৈছে।

September 5, 2024 8:10 PM September 5, 2024 8:10 PM

views 11

শস্য অনিষ্টকাৰী চৰহা আৰু শুৰ পোকৰ উপদ্ৰৱ ৰোধ কৰিবলৈ ৰাজ্যৰ কৃষি বিভাগৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ

ৰাজ্যৰ কৃষি বিভাগে শস্য অনিষ্টকাৰী চৰহা আৰু শুৰ পোকৰ উপদ্ৰৱ ৰোধ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। কৃষি মন্ত্রী অতুল বৰাই ডিব্ৰুগড় জিলা কৃষি, কৃষি অভিযান্ত্ৰিকৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ এই সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ কেইবাখনো গাঁৱৰ কৃষিভূমিত চৰহা আৰু শুৰ পোকৰ উপদ্ৰৱৰ বাবে বহুসংখ্যক কৃষকে সমস্যাৰ সন্মুখীন হৈছে। কৃষি মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে। তেওঁ কৃষকসকলৰ সৈতে যোগাযোগ অব্যাহত ৰাখি ...

September 5, 2024 7:06 PM September 5, 2024 7:06 PM

views 11

অহা ৭ ছেপ্তেম্বৰত চৰাইদেউ জিলাৰ শিশুসকলৰ হৃদ আৰু ৰক্তজনিত জটিল ৰোগ চিনাক্তকৰণৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন

অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ডিব্ৰুগড়ত অহা ৭ ছেপ্তেম্বৰ তাৰিখে চৰাইদেউ জিলাৰ শিশুসকলৰ হৃদ আৰু ৰক্তজনিত জটিল ৰোগ চিনাক্তকৰণৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। বেংগালুৰু, কলকাতাৰ নাৰায়ণা হৃদয়ালয় চিকিৎসালয়ৰ পৰা অহা বিশেষজ্ঞৰ দলে জন্মৰ পৰা ১৮ মহীয়া শিশুলৈকে জন্মগত হৃদৰোগ, লিউকেমিয়া, থেলাছেমিয়াকে আদি কৰি জটিল ৰক্তজনিত ৰোগত আক্ৰান্ত হৈ অস্থি মজ্জা সংৰোপণৰ প্ৰয়োজন হোৱা শিশুৰ ৰোগ চিনাক্তকৰণ কৰি ১০০ শতাংশ অনুদানমূলক চিকিৎসা সেৱা প্ৰদান কৰিব। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় স্বাস্থ্য অ...