September 22, 2024 11:35 AM

views 8

চৰাইদেউ জিলাত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠক

চৰাইদেউ জিলাত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। পৰীক্ষা স্বচ্ছ, নিকা, শান্তিপূৰ্ণ আৰু ত্রুটিহীনভাৱে অনুষ্ঠিত কৰাৰ লগতে জিলা প্ৰশাসনে যাৱতীয় প্রস্তুতিমূলক পদক্ষেপ গ্ৰহণ কৰিছে। অতিৰিক্ত জিলা আয়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ পৰীক্ষা পৰিচালনা কৰা কেইবাজনো বিষয়া উপস্থিত থাকে। নিয়োজিত বিষয়াসকলক নিজ নিজ দায়িত্ব সম্পূৰ্ণ নিষ্ঠাৰে পালন কৰিবলৈ অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়।

September 16, 2024 5:42 PM

views 13

পৰীক্ষাগৃহত প্ৰৱেশৰ পূৰ্বে চলোৱা তালাচী সন্দৰ্ভত নলবাৰীৰ এগৰাকী ছাত্ৰীয়ে উত্থাপন কৰা অভিযোগ সম্পৰ্কে অসম আৰক্ষীক তদন্তৰ নির্দেশ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি অনুষ্ঠিত অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাত নলবাৰীৰ এগৰাকী ছাত্ৰীয়ে পৰীক্ষাগৃহত প্ৰৱেশৰ পূৰ্বে চলোৱা তালাচী সন্দৰ্ভত উত্থাপন কৰা অভিযোগ সম্পৰ্কে অসম আৰক্ষীক তদন্তৰ নির্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে কয় যে এই পৰীক্ষা স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাটোৱেই চৰকাৰৰ লক্ষ্য যদিও কোনো লোকৰে মৰ্যাদা আৰু সন্মানকলৈ আপোচ কৰা নহ'ব। বিষয়টো চিন্তনীয় হোৱা হেতুকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ সৈতে আলোচনা কৰি ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে লগতে ক...

September 15, 2024 5:55 PM

views 19

তৃতীয় বৰ্গৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তিৰ প্ৰথম দিনৰ পৰীক্ষা শান্তিপূর্ণ আৰু নিয়াৰিকৈ সম্পন্ন হোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্তোষ প্ৰকাশ

অসম প্ৰত্যক্ষ নিযুক্তি আয়োগৰ অধীনৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তিৰ প্ৰথম দিনৰ পৰীক্ষা শান্তিপূর্ণভাৱে আৰু নিয়াৰিকৈ সম্পন্ন হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সকলো বিষয়া-কৰ্মচাৰীৰ লগতে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে চৰকাৰী চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা বৰ্তাই ৰখাৰ প্ৰতি বদ্ধপৰিকৰ। ভৱিষ্যতেও এনে ধৰণে নিকা ব্যৱস্থাৰে পৰীক্ষা অনুষ্ঠিত কৰি যুৱক-যুৱতীসকলক নিয়োগৰ সুবিধা দিয়া হ'ব বুলি তেওঁ উল্লেখ কৰে। উল্লেখযোগ্...

September 13, 2024 12:45 PM

views 19

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে ৰাজ্যৰ জিলা প্রশাসনৰ প্রস্তুতি সম্পূর্ণ

ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে ৰাজ্যৰ সকলো জিলা প্রশাসনে প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে। এই পৰীক্ষাৰ বাবে যোৰহাট জিলাত মুঠ ১৩৩টা পৰীক্ষা কেন্দ্ৰত ৫৫ হাজাৰ ৫০৯ গৰাকী পৰিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। ইতিমধ্যে পৰীক্ষা কেন্দ্ৰসমূহত নিৰাপত্তাৰ বাবে চাৰিবেৰ আৰু পৰিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে কোঠাসমূহ সাজু কৰি তোলাৰ লগতে সকলো ধৰণৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তদুপৰি পৰীক্ষা কেন্দ্ৰসমূহৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু তদাৰকী বিষয়াসকলক প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ...

September 10, 2024 9:20 PM

views 25

ৰাজ্যত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ

ৰাজ্যৰ প্ৰত্যক্ষ নিযুক্তি আয়োগৰ অধীনত অহা ১৫ ছেপ্টেম্বৰৰ পৰা হ'বলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। নিযুক্তি পৰীক্ষাৰ বাবে কাৰ্বি আংলং জিলাৰ ডিফুত জিলা দুৰ্যোগ প্ৰাধিকৰণ কাৰ্যালয়ত জিলা নিয়ন্ত্রণ কক্ষ স্থাপন কৰা হৈছে। পৰীক্ষাত নিয়োজিত ব্যক্তিসকলকো প্রশিক্ষণ দি থকা হৈছে। একেদৰে নিযুক্তি পৰীক্ষাসমূহ স্বচ্ছ, নিকা আৰু ত্রুটিবিহীনভাৱে অনুষ্ঠিত কৰিবলৈ চৰাইদেউ জিলা প্রশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনত হ'বলগীয়া ন...