September 25, 2024 12:45 PM

views 29

অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ পৰামৰ্শাৱলী সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীৰ সৈতে আছুৰ বৈঠক

অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ পৰামৰ্শাৱলী সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আজি সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলৰ বৈঠক অনুষ্ঠিত হ'ব। মুখ্যমন্ত্রীয়ে কয় যে এই সন্দৰ্ভত সংগঠনটোৰ পৰামৰ্শসমূহ গ্ৰহণ কৰাৰ পাছত অন্য সংগঠনৰ সৈতেও আলোচনা কৰা হ'ব। উল্লেখযোগ্য যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বাধীন সমিতিয়ে ১৯৭১ চনৰ পাছত অসমলৈ অহা বুলি চিনাক্ত হোৱা অনুপ্ৰৱেশকাৰীসকলক বহিষ্কাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ...