February 15, 2025 6:47 PM

views 37

অসম চুক্তিৰ ৬ নম্বৰ দফা কার্যকৰীকৰণ সন্দৰ্ভত কাইলৈ মুখ্যমন্ত্ৰী আৰু আছুৰ মাজত আলোচনা

অসম চুক্তিৰ ৬ নম্বৰ দফা কার্যকৰীকৰণ সন্দৰ্ভত কাইলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। এই বৈঠকত সাংবিধানিক ৰক্ষা কবচ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত আলোচনা কৰা হ'ব। কাইলৈ দিছপুৰৰ লোকসেৱা ভৱনত এই আলোচনা অনুষ্ঠিত হ'ব। আলোচনাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্যলৈ ইতিমধ্যে আনুষ্ঠানিক আমন্ত্রণপত্ৰ প্ৰ...

September 24, 2024 7:38 PM

views 23

অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ পৰামৰ্শাৱলী সন্দৰ্ভত কাইলৈ আছুৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ পৰামৰ্শাৱলী সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলক কাইলৈ সাক্ষাৎ কৰিব। মুখ্যমন্ত্রীয়ে কয় যে, এই বিষয়ত সংগঠনটো নেতৃবৃন্দৰ সৈতে হ'বলগীয়া আলোচনালানি কাইলৈ আৰম্ভ হ'ব। ৰাজ্য চৰকাৰে এই সন্দৰ্ভত সংগঠনটোৰ পৰামৰ্শসমূহ গ্ৰহণ কৰাৰ পাছত অন্য সংগঠনৰ সৈতেও আলোচনা কৰিব। উল্লেখযোগ্য যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বাধীন সমিতিয়ে ১৯৭১ চনৰ পাছত অসমলৈ অহা বুলি ...