April 28, 2024 1:00 PM

views 39

তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী লোকসভা সমষ্টিৰ বাবে নির্বাচন

ৰাজ্যত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হ'ব। গুৱাহাটী সমষ্টিত বিজেপি মিত্রজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গুৱাহাটী সমষ্টিটোত গোৱালপাৰা, কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ ১০ টা বিধানসভা সমষ্টি সামৰি লোৱা হৈছে। বৰ্তমান সমষ্টিটো এন ডি এৰ সাংসদ কুইন ওজাই প্রতিনিধিত্ব কৰি আছে। ইপিনে, বৰপেটা সমষ্টিত এইবাৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী তথা অসম ...

April 28, 2024 12:52 PM

views 35

ৰাজ্যৰ ৪টা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ অভিযান

ৰাজ্যৰ ৪টা সমষ্টিত তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সৰ্থেবাৰীত বৰপেটা লোকসভা সমষ্টিৰ অগপ, বিজেপি আৰু ইউ পি পি এলৰ সমৰ্থিত প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ড০ শৰ্মাই কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালত বড়োলেণ্ড, কার্বিআংলং আৰু ডিমা হাছাওত আন্দোলন আৰু বোমা-বাৰুদৰ সলনি উন্নয়ন আৰু শান্তিৰ পৰিবেশ ৰচনা হৈছে। নিবনুৱা সমস্যা সমাধানৰ বিষয়ে উল্ল...

April 28, 2024 12:47 PM

views 22

৭ মে’ৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ডাক বেলটযোগে ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ

অহা ৭ মে'ত হবলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কালি ডাক বেলটযোগে ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। কামৰূপ মহানগৰ জিলা আয়ুক্তই প্ৰকাশ কৰা মতে, টুৱেল্ড-ডি প্ৰপত্ৰৰ জৰিয়তে আবেদন কৰা লোকসকলৰ মাজৰ পৰা যোগ্যতাৰ ভিত্তিত বাচনি কৰা বিশেষভাৱে সক্ষম আৰু ৮৫ বছৰ উৰ্ধৰ লোকসকলৰ বাসগৃহত উপস্থিত হৈ ভোটগ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে গুৱাহাটী লোকসভা সমষ্টিৰ এহেজাৰ ৫৪১ গৰাকী ৮৫ বছৰ উৰ্ধৰ ভোটদাতা থকাৰ বিপৰীতে কেৱল কামৰূপ মহানগৰ জিলাত এহেজাৰ ২২৪ গৰাকী এনে ভোটদাতা আছে। একেদৰে লোকসভা সমষ্টিটোত ৫...

April 23, 2024 6:07 PM

views 27

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত অসমত মুঠ ৪৭গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

অসমত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত মুঠ ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব । এই পৰ্যায়ত ৪ খন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ'ব। কালি ৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তত কোকৰাঝাৰ সংসদীয় সমষ্টিৰ পৰা ১২ গৰাকী, বৰপেটাৰ পৰা ১৪ গৰাকী, ধুবুৰীৰ পৰা ১৩ গৰাকী আৰু গুৱাহাটীৰ পৰা মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। এন ডি এ আৰু কংগ্ৰেছ দলে আটাইকেইখন আসনতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। গুৱাহাটী আসনখনৰ বাবে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই মহি...