September 30, 2024 7:08 PM

views 29

ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে ২১খন জিলাত ৩৯খন সমজিলা ঘোষণা

ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে ২১ খন জিলাত ৩৯ খন সমজিলা ঘোষণা কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যই এখন জাননীৰ জৰিয়তে অহা ৪ অক্টোবৰৰ পৰা এই সমজিলাসমূহ কাৰ্যকৰী হ'ব বুলি প্ৰকাশ কৰিছে। জাননী অনুসৰি ধুবুৰী জিলাৰ বিলাসীপাৰা আৰু গোলকগঞ্জক সমজিলা হিচাপে স্বীকৃতি দিয়া হৈছে। বঙাইগাঁৱৰ অভয়াপুৰীক, কামৰূপ জিলাৰ ৰঙিয়াক, নগাঁও জিলাৰ কলিয়াবৰ আৰু ৰহাক সমজিলা হিচাপে ঘোষণা কৰা হৈছে। একেদৰে বিশ্বনাথৰ গহপুৰ আৰু বিহালীক, লখিমপুৰ জিলাৰ ঢকুৱাখানাক, ধেমাজিৰ জোনাইক সমজিলা হিচাপে স্বী...